নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ বৰপেটা জিলাৰ অন্তৰ্গত কলগাছিয়াৰ ৰূপসী শিক্ষাখণ্ডৰ কাৰ্য্যালয়ৰ সন্মুখত আজি ৰূপসী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত কৰ্মৰত শিক্ষকসকলে বিক্ষোভ কাৰ্য্যসূচী পালন কৰি পৰিবেশ উত্তাল কৰি তোলে। উল্লেখযোগ্য যে, অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ দ্বাৰা ঘোষিত দেশব্যাপি আয়োজিত খণ্ড ভিত্তিত ধৰ্ণা আৰু বিক্ষোভ কাৰ্য্যসূচীৰ অংশ স্বৰূপে আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত আৰু ৰূপসী প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত খণ্ড ভিত্তিত ধৰ্ণা আৰু বিক্ষোভ কাৰ্য্যসূচী পালন কৰি মূলত চাৰিটা দাবীৰে বিভিন্ন শ্ল’গান দি হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ পৰিবেশ উত্তাল কৰি তোলে। ৰূপসী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ৰবীন দাসে সাংবাদিকক জানিবলৈ দিয়া মতে, নতুন পেন্সন নীতি বন্ধ কৰি পুৰনা পেন্সন নীতি বাহাল ৰখা, ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা সপ্তম দৰমহা আয়োগ প্ৰণয়ন কৰা, ৰাষ্ট্ৰীয় শিক্ষা আয়োগ অনতি পলমে গঠন কৰা, শিক্ষাৰ উত্তৰণ কৰা, শ্ৰেণী আৰু ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নিয়োগ কৰা আদি কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ পাঠকৰি খণ্ডপ্ৰাথমিক শিক্ষাবিষয়াৰ জড়িয়তে ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ লগতে অসমৰ মূখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰে। স্মৰ্তব্য যে, শিক্ষাখণ্ডটোৰ শিক্ষকসকলে বিদ্যালয়ৰ শিক্ষক হাজিৰা বহীত চহী কৰি পাঠদান নকৰাকৈ কৰ্মদিনত আন্দোলনৰ কাৰ্য্যসূচী হাতত লোৱাৰ ফলত ছাত্ৰ-ছাত্ৰী সকলে ওভতি যাব লগা হয়। এই ক্ষেত্ৰত শিক্ষক আৰু চৰকাৰৰ মাজৰ যোজত যাতে ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যৎ নষ্ট নহয় তাৰ বাবে অভিভাৱক আৰু কলগাছিয়া অঞ্চলৰ শিক্ষা সচেতন মহলে দাবী জনাইছে। ইফালে কামৰূপ জিলাৰ ৰঙিয়াটো শতাধিক শিক্ষকে প্ৰতিবাদ কৰি উত্তাল কৰি তোলে ৰঙিয়া শিক্ষামণ্ডলৰ কাৰ্য্যালয়। প্ৰতিবাদকাৰী শিক্ষকসকালে হুংকাৰ দিয়ে যে যদি তেওঁলোকৰ দাবী চৰকাৰে মানি নলয় তেন্তে চৰকাৰৰ বিৰুদ্ধে ৫ অক্টোবৰত দেশৰ ৰাজধানী দিল্লীত ৰাষ্ট্ৰ ভিত্তিত প্ৰতিবাদ কৰা হব।