গুৱাহাটী : দেওবাৰে নিজৰ পদত্যাগ পত্ৰ ছোনীয়া গান্ধীলৈ প্ৰেৰণ কৰি সোমবাৰে কলকাতাত উপস্থিত হৈ তৃণমূল কংগ্ৰেছত যোগদান কৰে শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱ। সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা শিলচৰৰ প্ৰাক্তন সাংসদ গৰাকীয়ে কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিশেষ বেনাৰ্জীৰ উপস্থিতিত তৃণমূল কংগ্ৰেছত যোগদান কৰে।

সুস্মিতা দেৱে সোমবাৰে আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বে মমতা বেনাৰ্জীক সাক্ষাৎ কৰিছিল। সুস্মিতা দেৱে কংগ্ৰেছ ত্যাগ কৰিয়ে নিজৰ টুইটাৰ একাউণ্টৰ এষ্টেটাছ সলনি কৰি কংগ্ৰেছ দলৰ প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ দলৰ প্ৰাক্তন সদস্য বুলি উল্লেখ কৰিছিল। ইফালে সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী গৰাকীক তৃণমূল কংগ্ৰেছে দললৈ আদৰণি জনাই টুইটাৰত ফটো প্ৰকাশ কৰিছে।

সুস্মিতা দেৱ কংগ্ৰেছৰ পৰা পদত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদনা কৰা সন্দৰ্ভত কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ পৰা আৰম্ভ কৰি ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰকী নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সুস্মিতা দেৱে সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী পদত অধিষ্ঠিত হৈ কার্য কৰি থকাৰ সময়তে হঠাৎ পদত্যাগ কৰা বিষয়টোক অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এটা দুৰ্ভাগ্যজনক ঘটনা হিচাপে গণ্য কৰিছে।