আজিজ আলী

মুকালমুৱা : মুকালমুৱাত আৰু এজন ড্ৰাগছ সৰবৰাহকাৰী পৰিল আৰক্ষীৰ জালত। মুকালমুৱা আৰক্ষীয়ে ড্ৰাগছসহ জালত পেলালে তফাজ্জুল হক নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক। ২.৭২ গ্ৰাম হে’ৰইন আৰু নগদ ১০ হাজাৰ ৫০০ টকা জব্দ কৰিলে অভিযানকাৰী আৰক্ষীৰ দলটোৱে। 

মুকালমুৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। ড্ৰাগছ বিৰোধী অভিযান চলাই পুনৰ মুকালমুৱা আৰক্ষীয়ে লাভ কৰিলে এক সাফল্য। মুকালমুৱা আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিলে নগদ ধনসহ হে’ৰইন।

মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমন্ত বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই এই সাফল্য লাভ কৰে। আৰক্ষীৰ দলটোৱে মুকালমুৱাৰ সাপকাটাত তফাজ্জুল হক নামৰ এজন লোকৰ কাঠৰ দোকানত অভিযান চলাইছিল।

তফাজ্জুল হকৰ কাঠৰ দোকানৰ পৰা আৰক্ষীয়ে ২.৭২ গ্ৰাম হি’ৰইনসহ নগদ ১০ হাজাৰ ৫০০ টকা জব্দ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী তফাজ্জুল হক অধিক তথ্যৰ বাবে মুকালমুৱা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে মুকালমুৱা আৰক্ষীয়ে বিগত সময়ছোৱাত ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। শুকুৰবাৰে নিশাও মুকালমুৱা আৰক্ষী আৰু দৌলাশাল আৰক্ষীৰ অভিযানত নিচাযুক্ত টেবলেটসহ এজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হৈছিল।