গুৱাহাটী, ১৭ জুলাইঃ আগন্তক স্বাধীনতা দিৱস উদযাপন উপলক্ষে গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া মুল ৰাজ্যিক অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত গুৱাহাটী আৱৰ্ত্ত ভৱনত কামৰূপ মহানগৰ জিলা উপায়ুক্ত ড° এম অংগমুথুৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা প্রশাসনৰ সকলো বিভাগৰ মুৰব্বী বিষয়াসকলৰ লগতে মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত, পৌৰনিগম, সামৰিক আৰু অর্ধ-সামৰিক বাহিনীৰ বিষয়াসকল তথা অগ্নি নির্বাপন আৰু জৰুৰীকালীন সেৱাৰ বিষয়াসকল উপস্থিত থাকি ১৫ আগষ্টৰ স্বাধীনতা দিৱস উদযাপনৰ সৈতে জড়িত সকলো বিষয় পুংখানুপুংখ ভাবে আলোচনা কৰা হয়। আৰক্ষী আৰু অন্যান্য অর্ধ-সামৰিক বাহিনীয়ে আগতিয়াকৈ স্বাধীনতা দিৱসৰ পেৰেড’ৰ অনুশীলন কৰিব পাৰে, তাৰবাবে খেলপথাৰ খন উপযুক্ত ভাবে প্ৰস্তুত কৰি তোলাৰ লগতে উদ্ভাৱনীমূলক আৰ্হিৰে অভিনৱ ধৰণে স্বাধীনতা দিৱস উদযাপন কৰিবলে খেলপথাৰ খন সজাই তোলাৰ ব্যৱস্থা কৰিবলৈ গড়কাপ্তানী বিভাগক উপায়ুক্ত ড° অংগমুথুৱে নির্দেশ দিয়ে। একেদৰে খেলপথাৰ খনৰ সুৰক্ষাৰ দিশটােৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰ পৰাই ইয়াৰ চৌদিশে পোহৰৰ ব্যৱস্থা কৰিবলৈ অসম বিদ্যুৎ বিতৰণ কোম্পানিক নির্দেশ দিয়া হয়। সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি তথা উগ্ৰপন্থীৰ ভাবুকিৰ পৰিপ্ৰেক্ষিতত আৰক্ষীৰ পৰীক্ষাৰ সহায়ক হােৱাকৈ খেলপথাৰ খনৰ চৌদিশে থকা নলা সমূহ পৰিষ্কাৰ কৰি তোলাৰ লগতে সমগ্ৰ মহানগৰী খন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তোলাৰ বাবে গুৱাহাটী পৌৰ নিগমক দায়িত্ব দিয়া হয়। সভাত খেল পথাৰ খনৰ চাৰিওদিশে পর্যাপ্ত সংখ্যক চিচিটিভি কেমেৰা ব্যৱস্থা কৰিবলৈও সিদ্ধান্ত লোৱা হয়। পেৰেড’ৰ ক্ষেত্ৰত আৰক্ষী আৰু অর্ধ-সামৰিক বাহিনীৰ নতুন গোট তথা অষ্টম শ্রেণীৰ ওপৰৰ ছাত্ৰ-ছাত্রীক সামৰি দল গঠন কৰাৰ বাবেও উপায়ুক্তই আৰক্ষী তথা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকক নির্দেশ দিয়ে। স্বাধীনতা দিৱসৰ ৰাজ্যৰ এই মূল কাৰ্যসূচীৰ প্ৰতি জনসাধাৰণক আকৰ্ষিত কৰাৰ বাবে তথ্য আৰু জনসংযোগ বিভাগক কাৰ্যসূচী যুগুতাই উলিয়াবলৈ উপায়ুক্তই নির্দেশ দিয়াৰ লগতে সকলো বিভাগৰ মুৰব্বী বিষয়া সকলক অহা ১৪ আৰু ১৫ আগষ্টত নিজ-নিজ কাৰ্য্যালয় আলোকসজাৰে সজ্জিত কৰি তুলিবলৈ আৰু চক্ৰ বিষয়াসকলক তেওলোকৰ কাৰ্যালয়ৰ অধীনত স্বাধীনতা দিৱস উদযাপনৰ ব্যৱস্থা কৰিবলৈও নির্দেশ দিয়ে। জনসাধাৰণৰ খানাপাৰা খেলপথাৰলৈ যাতায়তৰ বাবে বিশেষ বাছৰ ব্যৱস্থা কৰিবলৈ জিলা পৰিবহণ বিষয়াক কোৱা হয়। পেৰেড, পতাকা উত্তোলন, সাংস্কৃতিক কাৰ্যসূচীক সামৰি স্বাধীনতা দিৱসৰ এইবাৰৰ কাৰ্যসূচী প্রায় ৪৫ মিনিটত সম্পূৰ্ণ কৰা হ’ব বুলি উপায়ুক্তই সভাত উল্লেখ কৰে। স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীৰ পূর্বে ৰাজ্যপাল আৰু মুখ্যমন্ত্রীৰ যুদ্ধ স্মাৰক স্থল আৰু শ্রদ্ধাঞ্জলী কাননত চমু অনুষ্ঠান থাকিব বুলিও তেওঁ জনায়। সভাত আৰক্ষীৰ তৰফৰ পৰা সংযোগ বিষয়া হিচাবে বশিষ্ঠৰ সহকাৰী আৰক্ষী আয়ুক্ত মৌচুমী কলিতা আৰু স্বাধীনতা দিৱস উদযাপনৰ সামগ্ৰীক দিশ চোৱা-চিতাৰ বাবে অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত প্রতিম কাঠকটীয়াক দায়িত্ব অৰ্পন কৰা হয়।