কলগাছিয়া, ১৮ জুলাইঃ দৰিদ্ৰতা শিক্ষাৰ অন্তৰায় নহয়, কিন্তু আৰ্থিক দৈন্যতাই শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিছে এজন কলগছিয়াৰ এজন মেধাৱী ছাত্ৰৰ বাবে। বৰপেটাৰ জনীয়া সমষ্টিৰ মুহিয়া গাঁৱৰ বাহাদুৰ মুন্সিৰ পুত্ৰ শুকুৰ মামুদে সৰ্বভাৰতীয় আইআইটি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আইআইটি খৰগপুৰত আসন পাবলৈ সক্ষম হৈছে যদিও দৰিদ্ৰতাৰ বাবে ভৰ্ত্তি মাচুলৰ সম্পূৰ্ণ  টকা যোগাৰ কৰিবলৈ ব্যৰ্থ হৈছে৷ ইতিমধ্যে বিধায়ক আব্দুল খালেকৰ লগতে আন এজন বিধায়কে মামুদক সাহাৰ্য্য প্ৰদান কৰাৰ পিছতো ভৰ্ত্তি মাচুলৰ আধা টকা যোগাৰ কৰিব পৰা নাই পিতৃহীন মামুদৰ কৃষক ভাতৃ। মেধাবী ছাত্ৰ শুকুৰ মামুদৰ পৰিয়ালৰ লগতে অঞ্চলটোৰ জনসাধাৰণে শুকুৰৰ নামভৰ্ত্তিৰ কাৰণে আৰ্থিকভাৱে সহায় কৰিবলৈ অসমৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিভিন্ন দল সংগঠন তথা ৰাইজক সহায়ৰ বাবে আহ্বান জনাইছে। শুকুৰ মামুদৰ একাউন্ট নম্বৰ হৈছে- এ/ চিঃ ৩৬৪৭৫৬১৭০০৬, শাখাঃ কলগছিয়া, আইএফএছচি ক’ডঃ SBIN0005091।