গুৱাহাটী : এতিয়াৰে পৰা সহজে লাভ কৰিব নোৱাৰিব বিউটি পাৰ্লাৰ, স্পা আৰু চেলুনৰ লাইচেঞ্চ। বিউটি পাৰ্লাৰ, স্পা আৰু চেলুনৰ ট্ৰেড লাইচেঞ্চ প্ৰদানৰ ক্ষেত্ৰত কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম। গুৱাহাটী পৌৰ নিগমে কেতবোৰ বিশেষ চৰ্তৰ মাজেৰে বিউটি পাৰ্লাৰ, স্পা আৰু চেলুনৰ ট্ৰেড লাইচেঞ্চ প্ৰদান কৰিব।

মহানগৰী গুৱাহাটীত বিউটি পাৰ্লাৰ, স্পা আৰু চেলুনৰ ট্ৰেড লাইচেঞ্চ প্ৰদান ক্ষেত্ৰত কেতবোৰ বিশেষ চৰ্ত বান্ধি দিছে গুৱাহাটী পৌৰ নিগমে। গুৱাহাটী পৌৰ নিগমে বিউটি পাৰ্লাৰ, স্পা আৰু চেলুনৰ ট্ৰেড লাইচেঞ্চ প্ৰদানৰ ক্ষেত্ৰত কেতবোৰ বিশেষ চৰ্ত ঘোষণা কৰিছে। এতিয়াৰ পৰা বিউটি পাৰ্লাৰ, স্পা আৰু চেলুনত মহিলাই মহিলাক আৰু পুৰুষে পুৰুষক মালিচ দিব লাগিব।

গুৱাহাটী পৌৰ নিগমে বিপৰীত লিংগৰ মালিচ বন্ধ কৰিছে বিউটি পাৰ্লাৰ, স্পা আৰু চেলুনত। বিপৰীত লিংগই থেৰাপিও দিব নোৱাৰি। থেৰাপিৰ বাবে যোগ্য থেৰাপিষ্ট থাকিব লাগিব বিউটি পাৰ্লাৰ, স্পা আৰু চেলুনত। গুৱাহাটী পৌৰ নিগমে বিউটি পাৰ্লাৰ, স্পা আৰু চেলুনৰ প্ৰৱেশ দ্বাৰ স্বচ্ছ হ’ব লাগিব বুলি নিৰ্দেশনা জাৰি কৰিছে।

ইয়াৰ লগতে বিউটি পাৰ্লাৰ, স্পা আৰু চেলুনৰ ভিতৰত কোনো ধৰণৰ আছুতীয়া কোঠা থাকিব নোৱাৰিব। বিউটি পাৰ্লাৰ, স্পা আৰু চেলুনলৈ অহা প্ৰতিজন গ্ৰাহকৰ নাম আৰু ফোন নম্বৰ সংগ্ৰহ কৰিব লাগিব বিউটি পাৰ্লাৰ, স্পা আৰু চেলুনৰ স্বত্বাধিকাৰীয়ে। বিভিন্ন সময়ত একাংশ বিউটি পাৰ্লাৰ, স্পা আৰু চেলুনত অনৈতিক কাৰ্য চলাৰ অভিযোগ উত্থাপন হোৱা পৰিলক্ষিত হয় বাবেই কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম।