হাজো : হাজোৰ আধিয়াৰপাৰাতকৃতি শিক্ষক আলী আকবৰৰ সোঁৱৰণীত পুথিভঁৰালৰ দুবাৰ মুকলি আৰু সোঁবৰণী গ্ৰন্থ উম্মোচন। বৰছলি হাটখোলা এম ই মাদ্ৰাছাৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক তথা আধিয়াৰপাৰাৰ কৃতি শিক্ষক প্ৰয়াত আলহাজ আলী আকবৰৰ সোঁৱৰণীত এটি নৱনিৰ্মিত পুথিভঁৰালৰ লগতে এখনি সোঁৱৰণী গ্ৰন্থ উম্মোচন কৰা হয়।

এই পুথিভঁৰালটোৰ দুৱাৰ মুকলি কৰে শিক্ষাক আলী আকবৰৰ পত্নী ৰূপজান বেগমে। লগতে প্ৰয়াত শিক্ষক আলী আকবৰৰ বৰ্নিল জীৱনৰ সোঁৱৰণী গ্ৰন্থ “আকবৰনামা” উম্মোচন কৰে বৰ্নি এম ই মাদ্ৰাছাৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক আলহাজ মতিউৰ ৰহমানে।

পূব বৰক্ষেত্ৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অবসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ইয়াৰ আলীৰ পৌৰহিত্তত অনুষ্ঠিত সভাত উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক নুৰুল ইছলাম শইকীয়াই। আমন্ত্ৰিত অতিথিৰ আসন অলংকৃত কৰে কাউৰবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চাহজাহান চিদ্দিকিয়ে।

আলী আকবৰৰ সন্তান ড৹ আব্দুল মালিকে বিভিন্ন কাৰ্যসূচীৰ আতধৰা সভাত আলী আকবৰ সোঁৱৰণী পুথিভঁৰালৰ সকলো দাযিত্ব পালন কৰে আলী আকবৰৰ পূত্ৰ চিৰাজুল হকে। অনিষ্ঠানত অনাতাঁৰ শিল্পী মুস্তাকিন আহমেদ আৰু লোকায়ত শিল্পী সমাজৰ শিল্পীসকলে গীত পৰিৱেশন কৰে।