মানকাচৰ : ইউটিউব ভিডিঅ’ কাল হ’ল এজন যুৱকৰ। ইউটিউব ভিডিঅ’ বাবে প্ৰাণ হেৰুৱাব লগীয়া হ’ল এজন যুৱক। চলন্ত বাইকত ইউটিউব ভিডিঅ’ বনাই থাকোতে দলঙৰ পৰা বাইক পৰিল পানীত। এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে গুৰুত্বভাৱে আহত চাৰিজনকৈ যুৱক। মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাৰ ফুলবাৰীৰ অন্তৰ্গত গোমাইঝোৰাত সংঘটিত হৈছে এই ঘটনা।

ইউটিউব ভিডিঅ’ই সলনি কৰিছে বহুতৰে জীৱন, ইউটিউব ভিডিঅ’ই বহুতকে উপাৰ্জনৰ এক পথ মোকোলাই দিছে। বহু ইউটিউবাৰে নিজৰ দক্ষতাৰে উপাৰ্জন কৰিছে লাখ লাখ টকা। আনকি ইউটিউবত দৰ্শকৰ বাবে ভাল ভাল ভিডিঅ’ বনাই বহু লোক তাৰকাৰ পৰ্যায়লৈ নিজকে গঢ়ি তুলিবলৈ সক্ষম হোৱাৰ সময়তে ইউটিউব ভিডিঅ’ বনাবলৈ গৈ প্ৰাণ হেৰুৱাইছে এজন যুৱকে।

ইউটিউবৰ বাবে ভাল ভিডিঅ’ বনাই দৰ্শকৰ মন জয় কৰাৰ বাবে বহুতে নতুন নতুন কৌশল অৱলম্বন কৰা দেখিবলৈ পোৱা যায়। ইউটিউবৰ ভিডিঅ’ বনাবলৈ এক নতুন কৌশল অৱলম্বন কৰি প্ৰাণ হেৰুৱালে এজনে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফকিৰগঞ্জৰ পৰা দেওবাৰে তিনিখন বাইকত ছায় জনীয়া যুৱকৰ এটা দলে চলন্ত বাইকতে ইউটিউবৰ ভিডিঅ’ বনাই আহি থাকোতে ফৰিদুল ইছলাম নামৰ যুৱকজনে নিয়ন্ত্ৰণ হেৰুৱাই বাইকসহ পানীত পৰে।

ফৰিদুল ইছলামে বাইকৰ নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ওপৰৰ পৰা পানীত পৰি যাওঁতে আন দুখন বাইকেও নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। ফৰিদুল ইছলাম পানীত পৰি সন্ধানহীন হৈ পৰাৰ লগতে আন দুখন বাইকত থকা আন চাৰিজন লোক গুৰুত্বৰভাৱে আহত হয়। স্থানীয় ৰাইজে আহত যুৱক চাৰিজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে পানীত পৰি সন্ধানহীন হোৱা ফৰিদুল ইছলামৰ সন্ধানত অভিযান আৰম্ভ কৰে।

পানীৰ মাজত ৰাইজে অভিযান চলাই থকাৰ সময়তে প্ৰায় ১০ মিনিট পিছত ফৰিদুল ইছলাম পানীত উপঙি উঠে। ৰাইজে পানীৰ পৰা ফৰিদুল ইছলামক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসাকে ফৰিদুল ইছলামক মৃত বুলি ঘোষণা কৰে। ইউটিউব ভিডিঅ’ বনাই থকা অৱস্থাত এইদৰে এজন যুৱকৰ অকাল মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।