আমিনুৰ ৰহমানৰ সহযোগত প্ৰীতি পাৰীক
শিৱসাগৰ : শিৱসাগৰত আছুৰ বিক্ষোভ কাৰ্যসূচী। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো শিৱসাগৰ জিলা আছু কৰ্মীয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ডিব্ৰুগড়ত আছু কৰ্মীৰ ওপৰত আৰক্ষীৰ আক্ৰমণ আৰু আছু কৰ্মীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে আছুৱে ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।

শিৱসাগৰ নগৰৰ মুক্তিনাথ চাৰিআলিস্থিত শিৱসাগৰ জিলা পুথিভঁৰালৰ সম্মুখত শিৱসাগৰ জিলা আৰু মহকুমা ছাত্ৰ সন্থাই ডিব্ৰুগড়ৰ ঘটনাৰ গৰিহণা দি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰী আছু কৰ্মীয়ে অতুল বৰাৰ গুণ্ডাগিৰী নচলিব, মন্ত্ৰী অতুল বৰা হায় হায়, অসম গণ পৰিষদ মূর্দাবাদ, অসম আৰক্ষী হায় হায়, গৃহ বিভাগ হায় হায়, আৰক্ষী বিভাগত ৰাজনৈতিক হস্তক্ষেপ বন্ধ কৰক আদি বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদস্থলীত উপস্থিত থাকি আছুৰ কেন্দ্ৰীয় কাৰ্যনির্বাহক সদস্য সমীৰণ ফুকনে ডিব্ৰুগড়ৰৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। আছুৰ নেতা গৰাকীয়ে কয় যে ডিব্ৰুগড়ত আছু কৰ্মীৰ ওপৰত আৰক্ষীয়ে বৰ্বৰ আক্ৰমণ চলাই ৰাজনৈতিক হস্তক্ষেপত আছুৰ কর্মীক গ্ৰেপ্তাৰ কৰিছে। আছুৰ নেতা গৰাকীয়ে অতি শীঘ্ৰে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আছু কৰ্মী সকলক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী জনায়।