দিছপুৰ, ২৫ এপ্ৰিলঃ জনজাতিকৰণৰ বাবে সংগ্রাম অব্যাহ ৰখা আহোম, মৰাণ, মটক, কোচ-ৰাজবংশী, চুতীয়া আৰু চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্রদান কৰিবৰ বাবে কেন্দ্র আৰু ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে প্রতিশ্রুতিবদ্ধ। আজি নতুন দিল্লীৰ চৰকাৰী বাসভৱনত ছয় জনগোষ্ঠীৰ প্ৰতিনিধিৰে অনুষ্ঠিত হোৱা বৈঠকত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এই কথা ব্যক্তি কৰি জনজাতিকৰণৰ প্রক্রিয়া সঠিক দিশত আগবাঢ়িছে বুলি উল্লেখ কৰে। মুখ্যমন্ত্রী সোণোৱালে কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দিশত দুয়োখন চৰকাৰে ঐকান্তিকতাৰে বিবেচনা কৰি দায়বদ্ধতাৰে আগবাঢ়িছে আৰু এই প্রক্রিয়া যাতে আলোচনাৰ মাধ্যমেৰে সফল হৈ উঠিব পাৰে তাৰবাবে জনগোষ্ঠীকেইটাৰ প্ৰতিনিধিসকলে চৰকাৰক সহযোগিতা আগবঢ়োৱাৰ সমান্তৰালভাৱে কিছু ধৈর্যও ধৰিব লাগিব। ছয় জনগোষ্ঠীৰ প্ৰতিনিধিসকলে কালি নতুন দিল্লীত কেন্দ্রীয় গৃহ ৰাজ্য মন্ত্রী কিৰেণ ৰিজিজুৰ সৈতে জনজাতিকৰণৰ বিষয়ত বৈঠকত মিলিত হোৱাৰ পিচত আজি মুখ্যমন্ত্রী সোণোৱালক সাক্ষাৎ কৰি আলোচনাৰ অগ্রগতি সম্পর্কে অৱগত কৰে। কেন্দ্রীয় মন্ত্রীগৰাকীৰ সৈতে আলোচনা ইতিবাচক আৰু সৌহাদ্যপূর্ণভাৱে অনুষ্ঠিত হোৱা বুলি জনগোষ্ঠীকেইটাৰ প্রতিনিধিসকলে কয়। উল্লেখযোগ্য যে কালি অনুষ্ঠিত আলোচনাত কেন্দ্রীয় মন্ত্রী ৰিজিজুৱে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদানৰ বাবে কেন্দ্রীয় চৰকাৰৰ প্ৰতিশ্রুতিৰ কথা দোহাৰি ইতিমধ্যে এই বিষয়ে সকলো দিশ বিচাৰ-বিবেচনা কৰিবৰ বাবে এখন কমিটি গঠন কৰি দিয়াৰ কথা প্রতিনিধিসকলক জনায়। কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ বিশেষ সচিব (আন্তঃসুৰক্ষা) ৰিণা মিত্ৰৰ নেতৃত্বত গঠন কৰা মডেলিটি কমিটিয়ে অসম চৰকাৰৰ গৃহ বিভাগৰ সৈতে ছয় জনগোষ্ঠীৰ জনজাতিৰকৰণৰ সম্পর্কে আলোচনা অব্যাহত ৰাখিছে। এই কমিটিয়ে বর্তমানে তালিকাভুক্ত হৈ থকা জনজাতিসমূহৰ স্বাৰ্থ বিঘ্নিত নোহোৱাকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো মীমাংসা কৰিবৰ বাবে সকলো দিশ সামৰি অহা ৩০ জুনৰ ভিতৰত প্রতিবেদন দাখিল কৰিব।