গৰৈমাৰী, ৩ অক্টোবৰ, ২০২৩ : চলিত বৰ্ষত দ্বিতীয়বাৰৰ বাবে আৰম্ভ হৈছে অসম আৰক্ষীৰ (Assam Police) বাল্য বিবাহ বিৰোধী অভিযান। ৰাজ্যজুৰি চলা অসম আৰক্ষীৰ বাল্য বিবাহ বিৰোধী অভিযানত গ্ৰেপ্তাৰ হৈছে বহু লোক। ইয়াৰ ভিতৰত আছে বাল্য বিবাহ কৰোৱা স্বামী, অভিভাৱক, কাজী আৰু পূজাৰী। গৰৈমাৰী, জোৰশিমুলী আৰু সোণতলীৰ বিভিন্ন অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ১০ জনকৈ লোকক।

সোমবাৰে নিশা ৰাজ্যজুৰি চলিল অসম আৰক্ষীৰ বাল্য বিবাহ বিৰোধী অভিযান। সোমবাৰৰ নিশাই আৰক্ষীয়ে বাল্য বিবাহ কৰোৱা স্বামী, অভিভাৱক, কাজী আৰু পূজাৰীসহ ৫০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে।
কামৰূপ জিলাত নিশা চলা আৰক্ষীৰ বাল্য বিবাহ বিৰোধী অভিযানত গ্ৰেপ্তাৰ হৈছে কেইবাজনো লোক। গৰৈমাৰী, জোৰশিমুলী আৰু সোণতলীৰ পৰা আৰক্ষীয়ে বাল্য বিবাহৰ লগত জৰিয়ত থকা ১০ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে।

অসম আকক্ষীয়ে বাল্য বিবাহ প্ৰথা সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্যৰে চলিত বৰ্ষত দ্বিতীয়বাৰৰ বাবে ৰাজ্যজুৰি চলাইছে বাল্য বিবাহ বিৰোধী অভিযান৷ কামৰূপ জিলাৰ গৰৈমাৰী, সোণতলী আৰু জোৰশিমুলী আৰক্ষীয়ে নিশাৰ ভাগত পৃথকে পৃথকে বাল্য বিবাহ বিৰোধী অভিযান চলাই ১০ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে। গৰৈমাৰীৰ পৰা ৫ জন, সোণতলীৰ পৰা ৪ জন আৰু জোৰশিমুলীৰ পৰা ১ জনসহ মুঠ ১০ জনকৈ লোকক গ্ৰেপ্তাৰ কৰে৷

আৰক্ষীয়ে গৰৈমাৰীৰ টুক্ৰাপাৰাৰ বাল্য বিবাহ কৰোৱা স্বামী জামাল উদ্দিন, হাফিজুৰ ৰহমান, হাতীপাৰাৰ আব্দুল কাইউম, খাৰিদলৰ ৰাহুল আলী, মহিমাৰীৰ অভিভাৱক আব্দুল হক, জোৰশিমুলীৰ দক্ষিণ চৌধুৰীপামৰ মনোৱাৰ খান, সোণতলীৰ পথালিপাৰাৰ ৰহিম বাদশা, সোণতলী সত্ৰৰ হাবু আলী, জয়নাল আব্দিন আৰু ২ নং দক্ষিণ ৰাঙাপানীৰ ৰাব্বুল আমিনক গ্ৰেপ্তাৰ কৰে৷ গ্ৰেপ্তাৰ কৰা স্বামী কেইজনৰ লগতে আৰু অভিভাৱক মঙলবাৰে পুৱাৰ ভাগতে জেললৈ প্ৰেৰণ কৰা হয়৷

সোমবাৰে নিশা চলা অসম আৰক্ষীৰ বাল্য বিবাহ বিৰোধী অভিযানত বাল্য বিবাহৰ লগত জড়িত থকা ৫০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে সর্বসাধিক ১৯১ জন ধুবুৰী জিলাৰ। ধুবুৰী জিলাৰ ৮ খনকৈ থানা এলেকাৰ অধীনত চলিছিল বাল্য বিবাহ বিৰোধী অভিযান। উল্লেখ্য যে বিবাহৰ ক্ষেত্ৰত মহিলা সকলৰ বাবে নিম্নতম বয়স ১৮ বছৰ আৰু পুৰুষৰ ক্ষেত্ৰত ২১ বছৰলৈ বৃদ্ধি কৰিবলৈ ১৯৭৮ চনত আইন সংশোধন কৰা হৈছিল।