গুৱাহাটী, ১৩ নৱেম্বৰ, ২০২৪ : অসমৰ অম্লানদ্বীপ দাসে বৃহৎ অঘটন ঘটাই গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত চলি থকা আই টি এফ (ITF) মাষ্টাৰ্ছ-২০০ প্ৰতিযোগিতাৰ পুৰুষৰ ৫৫ বছৰ উধ্বৰ্ৰ একক শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ বুধবাৰে হোৱা ছেমিফাইনেল খেলত বাচনিবিহীন খেলুৱৈ অম্লানদ্বীপ দাসে ৬-০, ৬-৪ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে শীৰ্ষ বাছনিৰ চণ্ডিগড়ৰ এছ এন বশিষ্টক৷ বৃহস্পতিবাৰে হ’বলগা ফাইনেলত অম্লানদ্বীপ দাস মুখামুখি হ’ব হাকিম আলীৰ৷
বুধবাৰে হোৱা আনখন ছেমিফাইনেলত তৃতীয় বাচনিৰ হাকিম আলীয়ে ৬-২, ৬-২ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে শিবু মেথিউক৷ ইফালে, আন এখন খেলত অঘটন ঘটাই বাচনিবিহীন অসমৰ খেলুৱৈ প্ৰাসূৰ্য বৰাই পুৰুষৰ ৩৫ বছৰ উধ্বৰ্ৰ একক শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ কোৱাৰ্টাৰ ফাইনেলত প্ৰাসূৰ্য বৰাই তৃতীয় বাছনিৰ দিল্লীৰ পংকজ ছাইনিক ৬-০, ৬-০ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে৷ এই শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰা আন তিনিগৰাকী খেলুৱৈ হ’ল ৰিভাস্কৰ খৌদাম, সম্ৰাট মহন্ত আৰু কৰণ চৌহান৷
ইফালে, পুৰুষৰ ৪৫ বছৰ উধ্বৰ্ৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে ৰাজীৱ বৰা আৰু ৰাজীৱ দত্ত৷ খিতাপৰ যুঁজত ৰাজীৱ যুটিয়ে খেলিব দিলীপ মোহান্তী আৰু শ্বাহনৱাজ জফৰৰ বিৰুদ্ধে৷ পুৰুষৰ ৪৫ বছৰ উধ্বৰ্ৰ একক শাখাৰ খেলত সুভাষ কলিতা আৰু ৰোহিত লালায়ো খিতাপৰ দিশে অগ্ৰসৰ হৈছে৷ বৃহস্পতিবাৰে ফাইনেল বুলি অবগত কৰিছে অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই৷
উল্লেখ্য যে সৰ্বভাৰতীয় টেনিছ ফেডাৰেছনৰ সহায়ত অসম টেনিছ সন্থাই আয়োজন কৰা তথা আন্তৰ্জাতিক টেনিছ ফেডাৰেছনৰ স্বীকৃতি লাভ কৰা বিশ্ব ৰেংকিং প্ৰতিযোগিতাখনত পুৰুষ আৰু মহিলাসহ মুঠ ১০৫ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে৷ ইফালে, এই প্ৰতিযোগিতা সমাপ্ত হোৱাৰ পাছতে অহা ১৮-২৩ নৱেম্বৰলৈ চচলত অনুষ্ঠিত হ’ব ১৮ বছৰ অনূধ্বৰ্ৰ ল’ৰা আৰু ছোৱালীৰ আই টি এফ জুনিয়ৰ (জে-৬০) প্ৰতিযোগিতা৷ মূল ৰাউণ্ডৰ পূৰ্বে কোৱালিফায়িং ৰাউণ্ডৰ মেচ ১৬-১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ নিশ্চিত কৰিছে ভাৰতসহ ১৮ খন দেশে৷