গুৱাহাটী, ৯ নৱেম্বৰ, ২০২৪ : সদৌ অসম টেনিছ সন্থাই (Assam Tennis Association) সৰ্বভাৰতীয় টেনিছ ফেডাৰেছনৰ সহযোগত গুৱাহাটীৰ চচলত থকা সন্থাৰ অত্যাধুনিক টেনিছ প্ৰকল্পত দুখনকৈ আই টি এফ বিশ্ব ৰেংকিং টেনিছ প্ৰতিযোগিতা আয়োজন কৰিব৷ শনিবাৰে অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই এই বিষয়ে অবগত কৰিছে৷
উল্লেখ্য যে বিশ্ব টেনিছ সংঘৰ স্বীকৃত বাৰ্ষিক ক্ৰীড়া সূচীৰ খেল আই টি এফ জুনিয়ৰ আৰু আই টি এফ মাষ্টাৰ্ছ প্ৰতিযোগিতা দুখন পূৰ্বৰ দৰেই এইবাৰ পুনৰ গুৱাহাটীত অনুষ্ঠিত হ’ব৷ সেই অনুসৰি অহা ১১-১৫ নৱেম্বৰলৈ চচলত অনুষ্ঠিত হ’ব আই টি এফ মাষ্টাৰ্ছ ২০০ প্ৰতিযোগিতাখন৷ পুৰুষ আৰু মহিলাৰ একক তথা ডাবলছ শাখাৰ খেল অনুষ্ঠিত হ’বলগা এই প্ৰতিযোগিতাত ৩৫ বছৰ উধ্বৰ্ৰ পৰা ৬৫ বছৰ উধ্বৰ্লৈ চাৰিটা বয়স শাখা থাকিব৷
অসমৰ খেলুৱৈয়েও এই আন্তৰ্জতিক প্ৰতিযোগিতাত অংশ ল’ব৷ ইফালে, অহা ১৮-২৩ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব ১৮ বছৰ অনূধ্বৰ্ৰ ল’ৰা আৰু ছোৱালীৰ আই টি এফ জুনিয়ৰ (জে-৬০) প্ৰতিযোগিতা৷ একক তথা ডাবলছ শাখাৰ খেল অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনৰ মূল ৰাউণ্ডৰ পূৰ্বে কোৱালিফায়িং ৰাউণ্ডৰ মেচ ১৬-১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব৷ জুনিয়ৰ আন্তৰ্জতিক প্ৰতিযোগিতাখনত অসমৰ খেলুৱৈকো ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ সৰ্বভাৰতীয় টেনিছ ফেডাৰেছনে দিব৷
অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনোৱা অনুসৰি ইতিমধ্যে এই প্ৰতিযোগিতাত অংশগ্ৰহণ নিশ্চিত কৰিছে ভাৰতসহ ১৮ খন দেশে৷ আই টি এফৰ ৱেবছাইডত নাম পঞ্জিয়ন কৰা দেশ কেইখন হ’ল চীন, আমেৰিকা, শ্ৰীলংকা, আৰ্মেনিয়া, জাপান, হংকং, হাংগেৰী, ছিংগাপুৰ, ছুইজাৰলেণ্ড, থাইলেণ্ড, কোৰিয়া, লাক্সেমবাৰ্গ, নেদাৰলেণ্ড, অষ্ট্ৰেলিয়া, কাজাখস্তান, ইংলণ্ড আৰু কানাডা৷