মন্দিয়া : এগৰাকী টেট শিক্ষক এতিয়া ৰঙা ঘৰৰ আলহী। প্ৰেমে কাল হ’ল টেট শিক্ষক গৰাকীৰ বাবে। প্ৰেম কৰিলে কিন্ত প্ৰেমিকাৰ বিয়াৰ বাবে উপযুক্ত নহওতেই টেট শিক্ষকে বিয়া পাতিলে প্ৰেমিকাক। টেট শিক্ষক ভোলা ভোলা চন্দ্ৰ বিশ্বাসে পলুৱাই নিলে নিজৰে নাবালিকা ছাত্ৰীক।

প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘুৰিছে ভূমণ্ডল। ঘূৰিলে যে ইমানেই ঘূৰিলে নাবালিকাৰ প্ৰেমত পৰি এইবাৰ এগৰাকী টেট শিক্ষক ৰঙা ঘৰৰ আলহী। টেট শিক্ষক ভোলা চন্দ্ৰ বিশ্বাসে কালিমা সানিলে শিক্ষাবৃত্তিত।বৰপেটা জিলাৰ মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত ৬৫৯ নং সোনাবাৰী প্ৰাথমিক বিদ্যালয়ৰ সহঃ শিক্ষক ভোলা চন্দ্ৰ বিশ্বাসৰ ওপৰ ৰাইজৰ এতিয়া আৰু বিশ্বাস নাই।

শিক্ষকতাৰ দৰে মহান বৃত্তিত কালিমা সনা টেট শিক্ষক ভোলা চন্দ্ৰ বিশ্বাসে মুছলমান সম্প্ৰদায়ৰ নিজৰে এগৰাকী নাবালিকা ছাত্ৰীক পলুৱাই নি বিয়া পাতিলে ওদালগুৰিৰ নাৰিকল মন্দিৰত।
নাবালিকা ছাত্ৰী গৰাকীক অপহৰণ কৰি নিয়া বুলি কলগাছিয়া আৰক্ষী থানাত ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে।

এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই টেট শিক্ষক আৰু ছাত্ৰী গৰাকীক এটি ভাড়া ঘৰৰ পৰা উদ্ধাৰ কৰি থানালৈ লৈ আহে। ওদালগুৰি জিলাৰ পানেৰি থানাৰ ২ নং গৰুৱাঝাৰৰ বাসিন্দা ভোলা চন্দ্ৰ বিশ্বাসে বিগত চাৰি বছৰ ধৰি সোনাবাৰী প্ৰাথমিক বিদ্যালয়ত টেট শিক্ষকৰ চাকৰি কৰি আছিল।

পিতৃতুল্য শিক্ষক গৰাকীয়ে টিউচন কৰা নাবালিকা ছাত্ৰী গৰাকীক প্ৰেমৰ জালত পেলায়। এগৰাকী নৱম শ্ৰেণীৰ ১৪ বছৰীয়া কিশোৰী ছাত্ৰীক দুবছৰৰ প্ৰেমৰ অন্তত যোৱা চাৰি চেপ্টেম্বৰত পলুৱাই নি বিয়া পাতি ৰঙা ঘৰৰ আলহী হ’ল টেট শিক্ষক ভোলা চন্দ্ৰ বিশ্বাস। শিক্ষক গৰাকীৰ এই কাণ্ডক ধিক্কাৰ দিছে সকলোৱে।