আজিজ আলী
মুকালমুৱা : ইঞ্জিনযুক্ত নাওঁ পুনৰ মুকলি কৰাৰ দাবী। ইঞ্জিনযুক্ত নাওঁ চলাচল বন্ধ হৈ থকাৰ ফলত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে চৰাঞ্চলত ৰাইজ। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ক কৰি চৰাঞ্চলৰ ৰাইজে যাতায়তৰ বাবে চৰাঞ্চলৰ ৰাইজৰ সুবিধা কৰি দিয়াৰ দাবী।

চৰাঞ্চলত বসবাস কৰা লোক সকলৰ যাতায়তৰ একমাত্ৰ মাধ্যৰ নাওঁ। নাওঁ অবিহনে চৰাঞ্চলবাসী ৰাইজৰ বাবে চৰাঞ্চলৰ পৰা বাহিৰলৈ ওলাই অহাটো অসম্ভন। কিন্তু ৰাজ্যজুৰি ইঞ্জিনযুক্ত নাওঁ চলাচল বন্ধ কৰি দিয়াত চৰাঞ্চলবাসী ৰাইজ যাতায়ৰত ক্ষেত্ৰৰ ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

বিশেষকৈ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত চৰাঞ্চল সমূহৰ ৰাইজে যি কোনো কামৰ বাবে চৰাঞ্চলৰ ওলাই আহিবলৈ নাওঁ ব্যৱহাৰ কৰে। ইঞ্জিনযুক্ত নাওঁ চলাচল বন্ধ হৈ থকাৰ ফলত বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে চিকিৎসাৰ বাবে নলবাৰী অথবা গুৱাহাটীলৈ আহিব লগীয়া ৰোগী সকল যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

বৰক্ষেত্ৰীৰ চৰাঞ্চলবাসী ৰাইজৰ বাবে ইঞ্জিনযুক্ত নাওঁ পুনৰ মুকলি কৰাৰ দাবীত চৰাঞ্চলবাসী ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। বৰক্ষেত্ৰীৰ অন্তৰ্গত বিভিন্ন চৰৰ ৰাইজে ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘাট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰি বৰক্ষেত্ৰী অঞ্চলত ইঞ্জিনযুক্ত নাওঁ চলাচল পুনৰ মুকলি কৰাৰ দাবী জনায়। বৰক্ষেত্ৰীৰ চৰাঞ্চল সমুহত থকা ৪৩ খন গাঁৱত ১ লাখতকৈও অধিক লোক বসবাস কৰে।

উল্লেখ্য যে কিছুদিন পূৰ্বে নিমাতিঘাটত সংঘটিত হোৱা ভয়াবহ নাওঁ দুৰ্ঘটনাৰ পিছতে সমগ্ৰ ৰাজ্যত ইঞ্জিনযুক্ত নাওঁ চলাচল বন্ধ কৰি দিয়া হৈছিল। ফলত বৰক্ষেত্ৰীৰ ৩ খন গাঁও পঞ্চায়তৰ বহু ছাত্ৰ-ছাত্ৰীয়ে নলবাৰী, মুকালমুৱালৈ অথবা অন্য ঠাইলৈ যাতায়তৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে।বৰক্ষেত্ৰীৰ চৰাঞ্চলবাসী ৰাইজে চৰকাৰক তেওঁলোকে যাতায়তৰ ক্ষেত্ৰত সন্মুখীন হৈছে থকা সমস্যা সমাধান কৰাৰ দাবী জনাইছে।