কিশোৰ মিশ্ৰ
গোসাইগাঁও : সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰাৰ লগতে উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ দাবীত গোসাইগাঁৱত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে। গোসাইগাঁও মহকুমাৰ সাপকাটাত আমছুৰ সাপকাটা আঞ্চলিক সমিতিৰ সহযোগত পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত গন বিক্ষোভ কাৰ্যসুচীত আমছুৰ কৰ্মী তথা সংখযালঘু ৰাইজে বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকলে আমছু জিন্দাবাদ, সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ নচলিব, উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন দিয়ক, পুনৰ সংস্থাপন নিদিয়াকৈ উচ্ছেদ নচলিব আদি শ্লোগনেৰে পৰিস্থিতি উত্তাল কৰি তোলে। কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে।

আমছুৰ সভাপতি গৰাকীয়ে গৰুখুটি আৰু লামডিংৰ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবী জনায়। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰী সকলে উচ্ছেদ বন্ধ কৰা আৰু উচ্ছেদিত পৰিয়ালৰ পুনৰ সংস্থাপনৰ দাবী জনাই গোসাইগাঁও মহকুমাধিপতিৰ জড়িয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰও প্ৰেৰন কৰে।