নলবাৰী, ৯ মেঃ শিক্ষাৰ নৱদ্বীপ খ্যাত নলবাৰী জিলাত টেট উৰ্ত্তীণ প্ৰাৰ্থীৰ নিযুক্তিৰ নামত বিদ্যালয়সমূহৰ পৰিদৰ্শকে ব্যাপক কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷ সমগ্ৰ অসমত টেট উৰ্ত্তীণ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ পিছতো জিলাখনৰ টেট উৰ্ত্তীণ (হিন্দী, সংস্কৃত, আৰবী বিষয়ক) সকলে নিযুক্তি লাভ নকৰাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ নলবাৰী জিলাৰ টেট উৰ্ত্তীণ (হিন্দী, সংস্কৃত, আৰবী বিষয়ক) প্ৰায় ৪৫ জন যুৱক-যুৱতীয়ে নিযুক্তি পত্ৰ লাভৰ কাৰণে বিধিগত ভাবে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত বাটকুৰি বাই আছে যদিও বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰমেশ চন্দ্ৰ চুতীয়া আৰু মুখ্য সহায়ক ৰমেশ বৰুৱাই এই ক্ষেত্ৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা হাতত লোৱা নাই৷ পৰিদৰ্শক দুজন নিজ খেয়াল-খুচি মতে মোটা অংকৰ বিনিময়ত নিযুক্তি প্ৰক্ৰিয়াৰ কাম-কাজ চলাই আছে বুলি অভিযোগ উত্থাপন হৈছে৷ বিদ্যালয়সমূহৰ পৰিদৰ্শক দুজনৰ এনে কাৰ্য্যত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে৷ যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি মৃনাল কুমাৰ বৰ্মন আৰু সাধাৰণ সম্পাদক গৌতম কুমাৰ শৰ্মাই যোৱা ২ মে’ত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত টেট উৰ্ত্তীণসকলক নিযুক্তি প্ৰদান অনুষ্ঠানত নলবাৰীৰ বহুতো নিযুক্তি পাব লগা যুৱক-যুৱতী বঞ্চিত হোৱাত ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে৷ এই ঘটনা নলবাৰীৰ কাৰণে হতাশজনক বুলি মন্তব্য কৰি সমগ্ৰ ঘটনাত শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপৰ দাবী জনাইছে৷ পৰিষদে নলবাৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত হৈ থকা দুৰ্নীতিৰ উচিত তদন্ত কৰি বিধিগত ভাবে টেট উৰ্ত্তীণ প্ৰাৰ্থীৰসকলক নিযুক্তি পত্ৰ প্ৰদানৰ যাৱতীয় ব্যৱস্থা গ্ৰহণৰো দাবী জনায়৷