তেজপুৰ, সংবাদ৩৬৫, ২৬জুন: জৰুৰীকালিন অৱস্থা লাগু কৰাৰ বিৰুদ্ধে প্ৰত্যেক বৰ্ষতে বিজেপিয়ে কংগ্ৰেছক আক্ৰমণ কৰা পৰিলক্ষিত হৈ আহিছে৷ পুনৰ এবাৰ বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে ২৫ আৰু ২৬ জুনত ক’লা দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লৈছে৷ ৪৩ বছৰ পূৰ্বে ১৯৭৫ চনৰ ২৫ জুনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে সমগ্ৰ দেশত জৰুৰীকাল লাগু কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ বিজেপিয়ে কংগ্ৰেছৰ সিদ্ধান্তৰ বিৰোধিতা কৰি কয় যে, দেশত জৰুৰীকাল লাগু কৰি কংগ্ৰেছে গণতন্ত্ৰক হত্যা কৰিছিল৷ বিজেপিৰ নেতা অমিয় ভূঞাই এনে পৰিস্থিতিত সংবাদ আয়োজন কৰি কয়, ‘১৯৭৫ চনত আজিৰ দিনটোতে মাত্ৰ শাসনৰ লালসাত কংগ্ৰেছে নিজৰ ৰাজনৈতিক স্বাৰ্থক আগ স্থান দি দেশৰ গণতন্ত্ৰক হত্যা কৰি থৈ গৈছে৷ কংগ্ৰেছে দেশৰ সংসদক নিস্ক্ৰিয় কৰি উচ্চতম ন্যায়ালয়ক মুকদৰ্শক হিচাপে উপস্থাপন কৰিছিল আৰু সংবাদ মাধ্যমৰ মুখত তলা লগাই দিছিল৷’

বিজেপি নেথা গৰাকীয়ে কয়, ‘অসংখ্য লোকক বিনা কাৰণত অন্ধকাৰ কাৰাগাৰত বন্দী কৰা হ’ল৷ দেশৰ জনতাই ২১ মাহ ধৰি অনেক কষ্ট আৰু যাতনা ভোগ কৰিবলগীয়া হ’ল৷ এনে জৰুৰীকালীন অৱস্থাত দেশৰ গণতন্ত্ৰ পুনৰ উজ্জ্বীৱিত কৰাৰ বাবে সৰ্বস্ব ত্যাগ কৰা দেশবাসীকসকলৰ কোটি কোটি প্ৰণাম৷’
অমিয় ভুঞাই সংবাদ মেলৰ জৰিয়তে স্পষ্ট কৰি কয় যে বিজেপি কংগ্ৰেছৰ বিৰুদ্ধে কিমান আক্ৰমণাত্মক৷ ইফালে, বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে গণতন্ত্ৰ হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি এনেদৰে আক্ৰমণ কৰাটো নতুন বিষয় নহয় বুলিও বিভিন্ন জনে মত পোষণ কৰিছে৷ কিন্তু বৰ্তমান সময়ত বিজেপিৰ এই আক্ৰমণাত্মক দৃষ্টিভংগীয়ে বিশেষ গুৰুত্ব লাভ কৰিছে৷ ২০১৯ৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ এই মন্তব্য নতুন ৰণ কৌশল হিচাপে ধৰা হৈছে৷
কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপি ৰাজ্য চৰকাৰে কামকাজত খতিয়ান বিষয়ে সংবাদমেলত উল্লেখ কৰে। সংবাদমেলত বিধায়ক গনেশ লিম্বু, জিলা সভাপতি মৃনাল শইকীয়া উপস্থিত থাকে ।