চিৰাঙ : গৰুখুটীৰ উচ্ছেদকাণ্ডৰ প্ৰতিক্ৰিয়া। আমছুৰ প্ৰতিবাদ। প্ৰতিবাদকাৰী আমছুৰ কৰ্মকর্তা সকলে দাহ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি। উচ্ছেদিত পৰিয়াল পুনৰ সংস্থাপনৰ দাবী আমছুৰ।

চিৰাঙ জিলাৰ ঢালিগাঁৱৰ বৈখুনগাঁৱত চিৰাঙ জিলা আমছুৱে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ৩১ নং চি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আমছুৰ কৰ্মকর্তা সকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

চিপাঝাৰ জিলাৰ ধলপুৰৰ গৰুখুটীত বৃহস্পতিবাৰে দৰং জিলা প্ৰশাসন আৰু আৰক্ষীয়ে এক উচ্ছেদ অভিযান চলায়। উচ্ছেদ অভিযানৰ সময়ত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে গুলী চালনা কৰা ঘটনাক চিৰাঙ জিলা আমছুৱে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

আমছুৱে বিশেষকৈ আৰক্ষীৰ গুলীত মাটিৰ ঢলি পৰা এজন লোকৰ ওপৰত হাতত কেমেৰালৈ এজন যুৱক জপিয়াই পৰা ঘটনাক আমনৱীয় আখ্যা দিয়ে। চিৰাঙ জিলা আমছুৱে আৰক্ষীৰ গুলীত আহত লোকক আক্ৰমণ কৰা যুৱকজনক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়।

চিৰাঙ জিলাৰ আমছুৰ সভাপতি নাজিৰ ৰহমানে গৰুখুটীৰ উচ্ছেদিত পৰিয়াল কেইটাক পুনৰ সংস্থাপনৰো দাবী জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। গৰুখুটীৰ উচ্ছেদকাণ্ড হিংসাত্মক ৰূপ ধাৰণ কৰাত আৰক্ষীৰ গুলীত দুজন লোক নিহত হৈছিল। প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত হৈছিল ১১ জনকৈ আৰক্ষীৰ লোক।