গুৱাহাটী, ২৯ মে’ : সোমবাৰৰ (২৯ মে’) দিনটোত তিনিটাকৈ ৱিকেটৰ পতন ঘটিল (Three Government Officer Caught)। দুটা ৱিকেট পৰে ধুবুৰী জিলাৰ বিলাসীপাৰাত আৰু এটা ৱিকেট পৰে বাক্সা জিলাত। বিলাসীপাৰা আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দেৱান ৰাহিজুদ্দীন আহমেদ আৰু প্ৰাক্তন গৃহৰক্ষী জোৱান সোণাৰুদ্দিন শেখ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে। জালত পৰা দিনটোৰ তৃতীয়জন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীজন হ’ল বাক্সা জিলাৰ শিমলাৰ চক্র পৰিদৰ্শক গণেশ বৰ্মন।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান অব্যাহত আছে। ইতিমধ্যে কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত জালত পৰিছে। উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰি কেইবাজানো চৰকাৰী বিষয়া ৰঙা ঘৰৰ ভাত খাবলগীয়া হৈছে। ইয়াৰ মাজতো একাংশ দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানক কেৰেপ নকৰি চলাই গৈছে দুৰ্নীতিৰ বজাৰখন।

সোমবাৰৰ (২৯ মে’) দিনটোত দুৰ্নীতিৰ বজাৰ চলাই থকা তিনিজনকৈ চৰকাৰী কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত জালত পৰে। উৎকোচ লৈ থকা অৱস্থাত প্ৰথমে হাতে লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে বিলাসীপাৰাৰ প্ৰাক্তন গৃহৰক্ষী জোৱান সোণাৰুদ্দিন শেখ। বিলাসীপাৰা আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দেৱান ৰাহিজুদ্দীন আহমেদৰ হৈ প্ৰাক্তন গৃহৰক্ষী জোৱান সোণাৰুদ্দিন শেখে এজন লোকৰ পৰা ৬ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পৰিছিল।

ইয়াৰ পিছতে দুৰ্নীতি নিবাৰক শাখাই বিলাসীপাৰা আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দেৱান ৰাহিজুদ্দীন আহমেদক আটক কৰে। জানিব পৰা মতে বিলাসীপাৰা আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দেৱান ৰাহিজুদ্দীন আহমেদে এজন লোকৰ পৰা ৮ হাজাৰ টকা উৎকোচ দাবী কৰিছিল। উক্ত লোকজনে কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ। লোকজনৰ অভিযোগৰ ভিত্তিত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই বিলাসীপাৰা আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দেৱান ৰাহিজুদ্দীন আহমেদ আৰু প্ৰাক্তন গৃহৰক্ষী জোৱান সোণাৰুদ্দিন শেখক জালত পেলাবলৈ সক্ষম হয়।

আনহাতে দুৰ্নীতি নিবাৰক শাখাই দিনটোৰ তৃতীয়টো চিকাৰ কৰে বাক্সা জিলাত। বাক্সা জিলাৰ শিমলাৰ চক্র পৰিদৰ্শকজনক ৪০ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰিবলৈ সক্ষম হয়। জানিব পৰা মতে শিমলাৰ চক্র পৰিদৰ্শক গণেশ বৰ্মনে এজন লোকৰ পৰা ৫ লাখ টকা উৎকোচ দাবী কৰিছিল। লোকজনে ইয়াৰ অভিযোগ লৈ দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপে। সোমবাৰে (২৯ মে’) গণেশ বৰ্মনে দাবী উৎকোচৰ ৪০ হাজাৰ টকা লৈ থকা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই পেলোৱা জালত পৰে।