গুৱাহাটী, ২৯ মে’ : নিশা মহানগৰীত ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত ৭ জনকৈ ছাত্ৰ (7 students killed in a road accident)। নিহত ছাত্ৰ কেইজন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ।আহত ৬ জনকৈ লোক। আহত সকলৰ ভিতৰত কেইবাজনো সংকটজনক অৱস্থাত আছে। নিয়ন্ত্ৰণ হেৰুৱাই স্কৰপিঅ’ বাহনৰ ডিভাইদাৰ আৰু ডি আই পিকআপ ভেনত খুন্দা।

নিশা মহানগৰীৰ জালুকবাৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত ৭ জনকৈ ছাত্র থিতাতে নিহত হোৱাৰ লগতে ৩ জন ছাত্ৰ আৰু আন ৩ জন লোক আহত হয়। জানিব পৰা মতে নিশা এখন তীব্ৰ বেগী স্কৰপিঅ’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে ডিভাইদাৰত খুন্দা মাৰে ইয়াৰ পিছতে স্কৰপিঅ’ বাহনখনে পথৰ বিপৰীত দিশত থকা এখন ডি আই পিকআপ ভেনত খুন্দা মাৰে। ফলত ৭ জনকৈ ছাত্ৰ থিতাতে নিহত হয়।

ছাত্ৰ কেইজন স্কৰপিঅ’ বাহনখনত আছিল। স্কৰপিঅ’ বাহনখনত থকা আন ৩ জন ছাত্ৰ আৰু ডি আই পিকআপ ভেনত থকা ৩ জন লোক গুৰুত্বৰভাৱে আহত হয়। দুর্ঘটনাৰ খবৰ পাই আৰক্ষীৰ লোক দুর্ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহত সকলৰ ভিতৰত কেইবাজনো সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। নিহত ৭ জন আৰু আহত ৩ জন অসম অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ বুলিও জানিব পৰা গৈছে।

নিহত ৭ জন ছাত্ৰ ক্ৰমে মঙলদৈৰ কৌশিক বৰুৱা, শিৱসাগৰৰ কৌশিক মোহন, মাজুলীৰ ৰাজ কিৰণ ভূঞা, ডিব্ৰুগড় ইমন বৰুৱা, গুৱাহাটীৰ অৰিন্দম ভোৱাল, নগাঁৱৰ উপাংশু শৰ্মা আৰু গুৱাহাটীৰ নিয়ৰ ডেকা। আনহাতে আহত ৩ জন ছাত্ৰ হৈছে মৃণ্ময় বৰা, অৰ্ণৱ চক্ৰৱৰ্তী আৰু অৰ্পণ ভূঞা। ইফালে এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ ডি আই পিকআপ ভেনত থকা মোজাম্মিল হক, ইউছুফ আলী আৰু ৰাজীৱ আলী নামৰ তিনিজন লোকো গুৰুত্বৰ ভাৱে আহত হৈছে।

ডি আই পিকআপ ভেনৰ আহত কেইজনৰ অৱস্থা অতিকৈ সংকট জনক বুলি জানিব পৰা গৈছে।ছাত্ৰ কেইজন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সপ্তম ষান্মাসিকৰ ছাত্ৰ আৰু ৭ নং হোষ্টেলৰ আৱাসী বুলিও জানিব পৰা গৈছে। ছাত্ৰ কেইজন স্কৰপিঅ’ বাহনেৰে সাতমাইলৰ দিশৰ পৰা আহি আছিল। দুর্ঘটনাত পতিত হোৱা স্কৰপিঅ’ বাহনখনৰ নম্বৰ এএছ-০১-এফ কে-৯৬০৫ আৰু ডি আই পিকআপ ভেনখনৰ নম্বৰ
এ এছ-০১-জি চি-৮৮২৯।