কাজিৰঙা, ৬ জুন, ২০২৩ : বন কৰ্মীৰ হাততে সুৰক্ষিত নহয় বন্যপ্ৰাণী। কাজিৰঙাত বন কৰ্মীয়ে চলাই গৈছে বন্যপ্ৰাণীৰ অবৈধ বেহা। কাজিৰঙাত কাছ ধৰি জালত পৰিল তিনি বন কর্মী। ৭ টাকৈ দুষ্প্ৰাপ্য কাছসহ গ্ৰেপ্তাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তিনি বন কর্মী (Three Forest Worker caught with turtles)। ইয়াৰে এজন স্থায়ী আৰু দুজন অস্থায়ী কর্মী।

৫ জুন তাৰিখে সমগ্ৰ বিশ্ববাসীয়ে পালন কৰিলে বিশ্ব পৰিৱেশ দিৱস। পৰিৱেশ সংৰক্ষণৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে প্ৰতি বছৰে ৫ জুন তাৰিখে পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বৰ লগতে অসমতো ৫ জুন তাৰিখে পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। বন বিভাগৰ নেতৃত্বতে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। গছপুলি ৰোপণ কৰাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ সংকল্প গ্ৰহণ কৰা হয় বিশ্ব পৰিৱেশ দিৱসৰ দিনা।

৫ জুন তাৰিখে ৰাজ্যজুৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰাৰ পিছ দিনাই বন বিভাগৰ কৰ্মীৰ নিকৃষ্টকাণ্ডই সকলোৰে চকু কপালত তুলিছে। কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত দুষ্প্ৰাপ্য কাছ ধৰি জালত পৰিছে তিনিজনকৈ বন কর্মী। বন কর্মী তিনিজনৰ কবলৰ পৰা উদ্ধাৰ হৈছে ৭ টাকৈ দুষ্প্ৰাপ্য কাছ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে চুবিন বাউৰি, কৰ্ণ বাউৰি আৰু ৰাম নায়ক নামৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত তিনিজন বন কর্মীক ৭ টাকৈ দুষ্প্ৰাপ্য কাছসহ গ্ৰেপ্তাৰ কৰিছে বন বিভাগে। ধৃত তিনিজন বন কৰ্মীৰ ৰাম নায়ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ স্থায়ী কৰ্মচাৰী আৰু চুবিন বাউৰি আৰু কৰ্ণ বাউৰি অস্থায়ী কৰ্মচাৰী। তিনিওজন বুঢ়াপাহাৰ বনাঞ্চলৰ হাতী শিবিৰত হাতীৰ মাউত হিচাপে কৰ্মৰত। তিনিওজন দীর্ঘদিন ধৰি বুঢ়াপাহাৰ বনাঞ্চলত কৰ্মৰত বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত বন কর্মী তিনিজনে দীর্ঘদিন ধৰি উদ্যানখনৰ পৰা কাছ ধৰি বাহিৰত বিক্ৰী কৰি আহিছিল।

বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত ধৃত তিনিওজনৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। বন বিভাগে তিনিওকে কলিয়াবৰ মহকুমা ন্যায়িক আদালতত হাজিৰ কৰায়। বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত তিনিওৰে সাত বছৰ কাৰদণ্ডৰ লগতে জৰিমনা বিহা হ’ব পাৰে। উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত। প্ৰতিবছৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ পৰ্যটক আহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ।