গুৱাহাটী, ৫ জুন, ২০২৩ : দিলীপ দাসৰ প্ৰচেষ্টাত পুনৰ ব্যৱহাৰৰ উপযোগী হৈ পৰে পেলনীয়া পলিথিন সমূহ। আৱৰ্জনাৰ পৰা পলিথিন সংগ্ৰহ কৰি দিলীপ দাসে পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তোলে পৰিৱেশৰ প্ৰতি সংকট কঢ়িয়াই অনা পলিথিন সমূহক (Plastic Pollution)। পলিথিনৰ সংকটৰ পৰা পৰিৱেশক সংৰক্ষণ কৰাৰ লগতে দিলীপ দাসে কৰ্মসংস্থাপন দিছে সমাজৰ বিশেষ শ্ৰেণীৰ কেইবাগৰকী মহিলাক।

আজি বিশ্ব পৰিৱেশ দিৱস (World Environment Day), প্ৰতি বছৰে ৫ জুন তাৰিখে পৰিৱেশ সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বিশ্ববাসীয়ে পালন কৰে বিশ্ব পৰিৱেশ দিৱস। প্ৰতিবছৰে নতুন নতুন বিষয়বস্তুক প্ৰাধান্য দি পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। এইবাৰ সমগ্ৰ বিশ্বৰ পৰিৱেশৰ প্ৰতি মহাসংকট নমাই অনা প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। আমি ব্যৱহাৰ কৰা প্লাষ্টিক সমূহত ভিতৰত পৰিৱেশৰ প্ৰতি আটাইতকৈ অধিক ভয়াবহ প্ৰভাৱ বিস্তাৰ কৰা প্লাষ্টিক সমূহৰ ভিতৰত হৈছে পলিথিন।

প্লাষ্টিক আৰু পলিথিন আমাৰ দৈনন্দিন জীৱনৰ এক এৰাই চলিব নোৱাৰা সামগ্ৰী। বিশেষকৈ
আমি দৈনন্দিন জীৱনত ব্যৱহাৰৰ কৰা সামগ্ৰী সমূহৰ ভিতৰত পলিথিন অন্যতম। ব্যৱহাৰৰ পিছত আমি আৱৰ্জনা হিচাপে পেলাই দিয়া এই পলিথিন সমূহ আমাৰ পৰিৱেশৰ প্ৰতি কঢ়িয়াই অনা ভয়াবহ সংকটৰ কথা পুনৰাই কোৱাৰ প্ৰয়োজন নাই। আমাৰ পৰিৱেশৰ ওপৰত পলিথিন প্ৰদূষণ কি ধৰণে প্ৰভাৱ পেলাইছে এই সম্পৰ্কে সমগ্ৰ বিশ্ববাসীৰ অৱগত।

এই পেলনীয়া পলিথিন সমূহ পুনৰ ব্যৱহাৰৰ উপযোগী কৰি আমাৰ পৰিৱেশক কিছু হ’লেও পলিথিন প্ৰদূষণৰ পৰা ৰক্ষা কৰিব পাৰি। ইতিমধ্যে পলিথিন প্ৰদূষণ ৰোধ কৰিবলৈ সমগ্ৰ বিশ্বতে পলিথিন পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে সমগ্ৰ বিশ্বতে পলিথিনক পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। মহানগৰী গুৱাহাটীৰ দিলীপ দাস নামৰ এজন ব্যক্তিয়ে নিজৰ প্ৰচেষ্টাত বিগত ১২ বছৰ ধৰি পলিথিন পুনৰ ব্যৱহাৰৰ উপযোগী কৰি আমাৰ পৰিৱেশক প্লাষ্টিক প্ৰদূষণৰ পৰা ৰক্ষা কৰাৰ যুঁজ চলাই আহিছে।

প্ৰতি দিনে মহানগৰীৰ বিভিন্ন অঞ্চলত থকা আৱৰ্জনাস্থলী সমূহৰ পৰা সংগ্ৰহ কৰি শ শ টন পেলনীয়া পলিথিন জমা কৰা হয় দিলীপ দাসৰ লালগণেশস্থিত শ্ৰী গুৰু প্লাষ্টিক নামৰ কাৰখানাখনত। পেলনীয়া পলিথিন সমূহ কাৰখানাত জমা কৰাৰ পিছতে কাৰখানাত কৰ্মৰত সমাজৰ বিশেষ শ্ৰেণীৰ মহিলা সকলে এই পেলনীয়া পলিথিন সমূহ পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ প্ৰক্ৰিয়াত লাগি পৰে। পলিথিন সমূহ ভালদৰে শুকুৱাই মেলি, সৰু সৰু কৈ কাটি ভৰাই দিয়া হয় এক বিশেষ মেচিনত। কেইবাটাও প্ৰক্ৰিয়াৰ পিছত এই পেলনীয়া পলিথিন সমূহ ৰূপ লয় বৃহৎ বৃহৎ আকাৰৰ পলিথিনত।

অবর্জনাস্থলীৰ পৰা সংগ্ৰহ কৰা পেলনীয়া পলিথিন সমূহ বৃহৎ বৃহৎ আকাৰৰ পলিথিনৰ ৰূপত পুনৰ ব্যৱহাৰৰ উপযোগী হৈ ঘূৰি আহে আমাৰ কাষত। বিগত প্ৰায় ১২ বছৰ ধৰি লালগণেশৰ শ্ৰী গুৰু প্লাষ্টিক নামৰ কাৰখানাত পেলনীয়া পলিথিন সমূহক পুনৰ ব্যৱহাৰৰ উপযোগী কৰি পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এক বিশেষ অৱদান যোগাই আহিছে দিলীপ দাস নামৰ ব্যক্তিজনে। দিলীপ দাসে কয় “অবর্জনাৰ পৰা এই পেলনীয়া পলিথিন সমূহ কিছুমান বিশেষ লোকে সংগ্ৰহ কৰি এই কাৰখানাত দি যায়, ইয়াৰ পিছত আমি বিভিন্ন প্ৰক্ৰিয়াৰ জৰিয়তে এই পেলনীয়া পলিথিন সমূহক অট্টালিকা নিৰ্মাণৰ কামত ব্যৱহাৰ হোৱা বৃহৎ বৃহৎ পলিথিনৰ ৰূপ দিওঁ।”

পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত দিলীপ দাসৰ এই অৰিহনাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। ২০২১ চনত ইউ কেৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানে অনুষ্ঠিত কৰা এক প্ৰতিযোগিতা অংশগ্ৰহণ কৰি দিলীপ দাসে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল। এই প্ৰচেষ্টাৰ জৰিয়তে দিলীপ দাসে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত অৰিহণা যোগাই অহাৰ লগতে সমাজৰ বিশেষ শ্ৰেণীৰ মহিলা সকলকো কৰ্মসংস্থাপন প্ৰদান কৰিছে। বৰ্তমান ৮ গৰাকী মহিলাই প্ৰত্যক্ষভাৱে দিলীপ দাসৰ এই কাৰখানাৰ লগত জড়িত হৈ কৰ্মসংস্থাপন লাভ কৰিছে। উল্লেখ্য যে গুৱাহাটীৰ এক বেচৰকাৰী সন্থাৰ তথ্য অনুসৰি গুৱাহাটী মহানগৰীত প্ৰতিদিনে আৱৰ্জনা হিচাপে ওলোৱা পলিথিনৰ এক নগণ্য পৰিমাণৰ পলিথিন বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তোলা হয়।