হাজো : হাজো আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিছে। হাজো আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। তিনিজনকৈ ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত অভিযান চলাই হাজো আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ী তিনিজনক গ্ৰেপ্তাৰ কৰে।

ৰাজ্যজুৰি অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। প্ৰতিদিনে ৰাজ্যৰ প্রান্তে প্রান্তে আৰক্ষীয়ে জব্দ কৰিছে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। গ্ৰেপ্তাৰ হৈছে ইজনৰ পিছত সিজন ড্ৰাগছ ব্যৱসায়ী। এইবাৰ কামৰূপ জিলাৰ হাজো আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই লাভ কৰিছে এক বৃহৎ সাফল্য।

সোমবাৰে নিশা হাজো আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত হাজোৰ বৰ্ণিত চলায় ড্ৰাগছ বিৰোধী অভিযান। বৰ্ণিৰ তিনিজন ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত অভিযান চলাই হাজো আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। অভিযানকালত হাজো আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী তিনিজনৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ সন্দেহজনক হেৰ’ইন, নিচাযুক্ত টেবলেট আৰু কাফ চিৰাপ জব্দ কৰে।

হাজো আৰক্ষীয়ে লগতে গ্ৰেপ্তাৰ কৰে বৰ্ণিৰ তিনিজন ড্ৰাগছ ব্যৱসায়ী ভয়নুৰ আলী, ইফতিকাৰ আলী আৰু ইমৰাণ আলীক। ধৃত ড্ৰাগছ ব্যৱসায়ী তিনিজনে দীর্ঘদিন ধৰি হাজোৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ বেহা চলাই আছিল। আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী তিনিজনৰ ঘৰৰ পৰা জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য দুই লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে।