শদিয়া, ১৫ মে’ : নেপালৰ পৰা শদিয়াত বিয়া খাবলৈ আহি হেৰুৱালে প্ৰাণ একেটা পৰিয়ালৰ তিনি গৰাকীকৈ সদস্যই। পিতৃ-মাতৃৰ লগতে প্ৰাণ হেৰুৱালে পুত্ৰই (Father, Mother, Son lost life)। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰিছে শোকৰ ছাঁ। মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি আৰক্ষীৰ তদন্ত আৰম্ভ।

এক শোকাবহ ঘটনা সংঘটিত (Sadia Road Accident) হৈছে তিনিচুকীয়া জিলাৰ শদিয়াত। একেগলে প্ৰাণ হেৰুৱাইছে পিতৃ-মাতৃৰ লগতে পুত্ৰই। নেপালৰ পৰা শদিয়ালৈ বিয়া খাবলৈ অহা পৰিয়ালটো শদিয়াৰ বোকাপথাৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুর্ঘটনাত প্ৰাণ হেৰুৱাই। এই ভয়ংকৰ পথ দুর্ঘটনাত নেপালৰ পৰা অহা একেটা পৰিয়ালৰ তিনি গৰাকী লোক নিহত হোৱাৰ লগতে আহত হয় ৫ গৰাকীকৈ লোক।

সোমবাৰে পুৱাৰ ভাগত শদিয়াৰ বোকাপথাৰত ১১৫ নং ৰাষ্ট্রীয় ঘাইপথত এখন বলেৰ পিক আপ বাহন আৰু এখন ডাম্পাৰৰ মাজতমুখা মুখি সংঘৰ্ষ লাগে। এই ভয়ংকৰ পথ দুর্ঘটনাত নেপালৰ পৰা শদিয়ালৈ বিয়া খাবলৈ অহা পিতৃ-মাতৃ আৰু পুত্ৰ থিতাতে নিহত হয়। থিতাতে নিহত হয় বিনোদ সোণাৰ, তেওঁৰ পত্নী দলমায়া সোণাৰ আৰু পুত্র দিল বাহাদুৰ সোণাৰ। এই ভয়ংকৰ পথ দুর্ঘটনাত আহত দুগৰাকী লোকৰ অৱস্থা অতিকৈ সংকটজনক বুলি জানিব পৰা গৈছে।

দুর্ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ সংকটজনক অৱস্থাত থকা আহত দুয়ো গৰাকী লোকৰ লগতে আহত সকলোকে চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে। আহত লোক সকলৰ নাম বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। এই ভয়ংকৰ পথ দুর্ঘটনাত পিতৃ-মাতৃৰ লগতে পুত্ৰ নিহত হোৱাৰ অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে।