বিশ্বনাথ, ১৫ মে’ : দুই ফৈদৰ মাজত সংঘৰ্ষ। আহত কেইবাজনো লোক (Injured)। আহত সকলৰ ভিতৰত এজন আঘাত গুৰুত্বৰ। ভূমি কেন্দ্ৰিক বিবাদৰ ফলত সংঘটিত হয় এই সংঘর্ষ। আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে তিনিজনকৈ লোকক। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।

ৰাজ্যত পুনৰ ভূমি কেন্দ্ৰিক বিবাদৰ ফলত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। এই মাৰপিটৰ ঘটনাত এজন লোক গুৰুত্বৰভাৱে আহত হোৱাৰ কেইবাজনো সমান্যৰূপে আঘাতপ্ৰাপ্ত হৈছে। বিশ্বনাথত সংঘটিত হৈছে এই ভূমি কেন্দ্ৰিক মাৰপিটৰ ঘটনা। বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত গোৱালতলী ১০ নং ৱাৰ্ডত সোমবাৰে (১৫ মে’) সংঘটিত হয় এই ভূমি কেন্দ্ৰিক মাৰপিটৰ ঘটনা।

দুই ফৈদৰ মাজত হোৱা মাৰপিটৰ ঘটনাত চোকা অস্ত্ৰৰ আঘাতত এজন লোক গুৰুৰৰভাৱে আহত হোৱাৰ লগতে কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছে। অভিযোগ অনুসৰি গোৱালতলী ১০ নং ৱৰ্ডৰ
হুছেইন আহমেদ আৰু আনোৱাৰ আহমেদ নামৰ দুজন লোকে ২০২০ চনতে আশ্ৰপ আলী নামৰ এজন লোকৰ পৰা ৩ লাখ ৫০ হাজাৰ টকাৰ বিনিময়ত দুই কঠা ভূমি ক্ৰয় কৰিছিল।

কিন্তু আশ্ৰপ আলীয়ে নিজৰ   ভূমিৰ দখলস্বত্ব হুছেইন আহমেদ আৰু আনোৱাৰ আহমেদক গতাই দিয়া নাছিল। অৱশেষত উপায়ন্তৰ হৈ হুছেইন আহমেদ আৰু আনোৱাৰ আহমেদ কাষ চাপে গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজৰ। কিছুদিন পূৰ্বে গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজ একত্ৰিত হৈ ভুক্তভোগী হুছেইন আহমেদ আৰু ভূমি বিক্ৰেতা আশ্ৰপ আলীক লগত লৈ দুয়ো পক্ষৰ মাজত চলি থকা ভূমি কেন্দ্ৰিক বিবাদ সমাধানৰ বাবে এখন সভা অনুষ্ঠিত কৰে।

উক্ত সভাত ভূমি বিক্ৰেতাই মাটি দখলীস্বত্বৰ পৰিবৰ্তে হুছেইন আহমেদ আৰু আনোৱাৰ আহমেদক ভূমিৰ বাবে আদায় দিয়া সমস্ত টকা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। দেওবাৰে (১৪ মে’) টকাখিনি ঘূৰাই দিয়াৰ কথা আছিল যদিও সেয়া হৈ নুঠিল। ইয়াকেলৈ পুনৰ সোমবাৰে স্থানীয় ৰাইজ আৰু গাঁওৰক্ষী বাহিনীয়ে সভা অনুষ্ঠিত কৰে। কিন্তু সভাৰ মাজতে সমান্য কথাত বাক বিতণ্ডা লগত এটা পক্ষই আন এটা পক্ষৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ চলায়।

এই আক্ৰমণত গাঁওৰক্ষী বাহিনীৰ সম্পাদক আব্দুল হাছেন, প্ৰাক্তন গাঁওৰক্ষী বাহিনীৰ সম্পাদক আব্দুল হাছিদসহ ভূমি ক্ৰয় কৰা হুছেইন আহমেদ আৰু তেওঁৰ ভাতৃ আনোৱাৰ হুছেইন আহত হয়। এই আক্ৰমণত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় হুছেইন আহমেদৰ ভাতৃ আনোৱাৰ হুছেইন। লগে লগে ভুক্তভোগীয়ে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত আক্ৰমণকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ইতিমধ্যে আৰক্ষীয়ে তিনিজন লোকক আটক কৰিছে।