গৌৰীপুৰ, ১৩ নৱেম্বৰ, ২০২৪ : বুধবাৰে পুৱাই নামনি অসমত সংঘটিত হোৱা দুটা পৃথক পৃথক পথ দুৰ্ঘটনাত তিনিজন লোক থিতাতে নিহত হয়। ধুবুৰী জিলাৰ গৌৰীপুৰত (Gauripur) এখন মালবাহী ট্ৰাক অৰু যাত্ৰীবাহী বাছৰ মাজত হোৱা সংঘৰ্ষত এজন লোক থিতাতে নিহিত হোৱাৰ লগতে চাৰিজন লোক গুৰুত্বৰভাৱে আহত হয়। আনহাতে, গোৱালপাৰাত ট্ৰাক আৰু মটৰ চাইকেলৰ মাজত হোৱা সংঘৰ্ষত দুজন লোক থিতাতে নিহত হয়।
বুধবাৰে পুৱাৰ ভাগতে নামনি অসমৰ ধুবুৰী আৰু গোৱালপাৰা জিলাত সংঘটিত হোৱা দুটা পৃথক পৃথক পথ দুৰ্ঘটনাত তিনিজন লোক নিহত হয়। ধুবুৰী জিলাৰ গৌৰীপুৰৰ ডুমৰদহত এখন তীব্ৰ বেগী মালবাহী আৰু যাত্ৰীবাহী বাছৰ মাজত হোৱা সংঘৰ্ষত এজন লোক থিতাতে নিহত হোৱাৰ লগতে চাৰিজন লোক গুৰুত্বৰভাৱে আহত হয়। আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আহত সকলৰ ভিতৰৰ আছে এগৰাকী শিক্ষক।
দুৰ্ঘটনাৰ পিছতে ডুমৰদহত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হয় এক উত্তেজনাময় পৰিবেশৰ। অঞ্চলটোৰ স্থানীয় ৰাইজৰ লগতে শ শ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশ উত্তাপ কৰি তোলে। স্থানীয় ৰাইজে আৰু ছাত্ৰ-ছাত্ৰী সকলে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপত্ৰ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী সকলে ডুমৰদহত যান বাহন আৰক্ষী নিয়োগ কৰিবলৈ দাবী জনাই বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে ঘাইপথ উত্তাল কৰি তোলে।
এজন স্থানীয় ৰাইজে জানিবলৈ দিয়ে যে, ডুমৰদহত প্ৰায়ে পথ দুৰ্ঘটনা সংঘটিত হয়। ইয়াৰ পূৰ্বেও ডুমৰদহত পথ দুৰ্ঘটনাত কেইবাজনো লোকৰ মৃত্যু হৈছে। স্থানীয় ৰাইজে যান বাহন আৰক্ষী নিয়োগ কৰিবলৈ বাৰম্বাৰ দাবী জনাই আহিছে যদিও কোনো সুফল লাভ কৰা নাই। দুৰ্ঘটনা সংঘটিত হোৱা পিছত দুদিনমানৰ বাবে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা যান বাহন আৰক্ষী নিয়োগ কৰি পুনৰ আঁতৰাই দিয়া হয়। প্ৰৰিবাদকাৰী সকলে পৰিৱেশ অধিক উত্তপ্ত কৰি তোলাত দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
আনহাতে, পুৱাই গোৱালপাৰা জিলাত সংঘটিত হোৱা আন এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হয়। গোৱালপাৰা জিলাৰ দাৰিদুৰিত এখন ট্ৰাক আৰু মটৰ চাইকেলৰ মাজত হোৱা সংঘৰ্ষত দুজন লোক নিহত হয়। জানিব পৰা মতে মটৰ চাইকেলেৰে গৈ থকা দুজন লোকক ওলোটা দিশৰ পৰা আহি থকা তীব্ৰ বেগী ট্ৰাকখনে খুন্দা মৰাত থিতাতে নিহত হয় লোক দুজন। নিহত লোক দুজন জাহাংগীৰ আলম আৰু মহম্মদ কাইফ। দুৰ্ঘটনা সংঘটিত কৰিয়ে ট্ৰাকখনৰ চালকজন দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰে।