গুৱাহাটী, ১৭ মে’ : ৰহস্যৰ মাজত সোমাই পৰিছে জোনমণি ৰাভাৰ মৃত্যু (Joonmani Rabha)। জোনমণি ৰাভাৰ মৃত্যুৰ পিছত উত্থাপন হৈছে কেইবাটাও প্ৰশ্ন। আনিমা খাতুন নামৰ এগৰাকী মহিলাই জোনমণি ৰাভাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পৰিবৰ্তে হাছিনা বেগম নামৰ আন এগৰাকী মহিলাই জোনমণি ৰাভাৰ মৃত্যুৰ লগত নকল সোণ আৰু জাল নোট ব্যৱসায়ী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰাৰ লগতে নকল সোণ আৰু জাল নোট ব্যৱসায়ীৰ লগত আৰক্ষীৰ শীৰ্ষ বিষয়া জড়িত আছে বুলি বিস্ফোৰণ ঘটাইছে।

কলিয়াবত এক ভয়ংকৰ পথ দুর্ঘটনাত নিহত হোৱা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুকলৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। জোনমণি ৰাভাৰ পৰিয়ালৰ লোকে জোনমণি ৰাভাৰ এই মৃত্যুক সহজভাৱে মানি লব পৰা নাই। পৰিয়ালৰ লোকে জোনমণি ৰাভাক হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। নিশা পথ দুর্ঘটনাত জোনমণি ৰাভাৰ মৃত্যু হোৱাৰ পিছতে জোনমণি ৰাভাৰ নগাঁৱৰ ঘৰলৈ আৰক্ষীৰ লোক আহি অভিযান চলাই টকা নিয়ৰো অভিযোগ উত্থাপন কৰিছে জোনমণি ৰাভাৰ মাতৃয়ে।

উল্লেখ্য যে দুর্ঘটনাৰ পূৰ্বে ১৫ মে’ত লখিমপুৰ সদৰ আৰক্ষী থানাত জোনমণি ৰাভাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল আনিমা খাতুন নামৰ এগৰাকী মহিলাই। আনিমা খাতুনে এজাহাৰত উল্লেখ কৰিছিল যে জোনমণি ৰাভাই নগাঁৱৰ পৰা লখিমপুৰলৈ আহি তেওঁৰ পুত্ৰক আটক কৰিছিল। পৰৱৰ্তী সময়ত ৬ লাখ টকাৰ বিনিময়ত জোনমণি ৰাভাই তেওঁৰ পুত্ৰক এৰি দিয়ে। আনিমা খাতুনৰ এজাহাৰৰ ভিত্তিত লখিমপুৰ সদৰ আৰক্ষী থানাই ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি), ৩৯৫, ৩৯৭, ৩৪২, ৩৮৭ ধাৰাত জোনমণি ৰাভাৰ বিৰুদ্ধে ১৮৩/২০২৩ নম্বৰত এক গোচৰ ৰুজু কৰিছিল।

আনিমা খাতুন নামৰ মহিলা গৰাকীয়ে জোনমণি ৰাভাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছতে পথ দুর্ঘটনাত মৃত্যু হয় জোনমণি ৰাভাৰ। ইয়াৰ পিছতে সন্মুখলৈ আহে হাছিনা বেগম নামৰ আন এগৰাকী মহিলা। হাছিনা বেগমে জোনমণি ৰাভাৰ পথ দুর্ঘটনাত হোৱা মৃত্যুক লৈ সন্দেহ প্ৰকাশ কৰে। হাছিনা বেগমে সংবাদ মাধ্যমৰ আগত বিস্ফোৰণ ঘটাই কয় যে জোনমণি ৰাভাৰ মৃত্যুৰ লগত নকল সোণ আৰু জাল নোট ব্যৱসায়ী চক্ৰ জড়িত থাকিব পাৰে। হাছিনা বেগমে লগতে অভিযোগ কৰে যে লখিমপুৰৰ শীৰ্ষ আৰক্ষী বিষয়া নকল সোণ আৰু জাল নোট ব্যৱসায়ীৰ লগত জড়িত আছে।

জোনমণি ৰাভাৰ বিৰুদ্ধে অনিমা খাতুনৰ গোচৰ ৰুজু আৰু হাছিনা বেগমৰ নিস্ফোৰণৰ পিছতে জোনমণি ৰাভাৰ মৃত্যুৰ আঁৰত কিবা ষড়যন্ত্ৰ থাকিব পাৰে বুলি চৰ্চ আৰম্ভ হৈছে। জোনমণি ৰাভাৰ মৃত্যুৰ আঁৰৰ ৰহস্য ফাদিল কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে ইয়াৰ তদন্ত চি আই ডিৰ দ্বাৰা কৰা হ’ব বুলি ঘোষণা কৰিছিল। বুধবাৰে (১৭ মে’) এই ৰহস্য ফাদিল কৰাৰ উদ্দেশ্যে পুৱাৰ ভাগতে লখিমপুৰলৈ ৰাওনা হয় চি আই ডিৰ এটা দল। তিনিজনীয়া এই চি আই ডি’ৰ দলটোৰ নেতৃত্বত আছে চি আই ডিৰ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা।