শোণিতপুৰ, ১৬ মে’ : লোভ চম্ভালিব নোৱাৰিলে এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে। লোভত পৰি পুনৰ জালত পৰিল এগৰাকী চৰকাৰী কৰ্মচাৰী। মাত্ৰ ১ হাজাৰ টকাৰ (1 thousand bribe money) লোভত পৰি হাত দাঙিলে ববী খান শইকীয়াই। ১ হাজাৰ টকাৰ উৎকোচ লোৱাৰ সময়তে হাতে-লোটে ববী খান শইকীয়াক আটক কৰিলে দুৰ্নীতি নিবাৰক শাখাই। উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ববী খান শইকীয়া।

দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযানত (Anti Corruption Drive) ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে জালত। ইয়াৰ পিছতো একাংশ দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে এৰা নাই দুৰ্নীতিৰে ধন ঘটাৰ সহজ পথ। ধনৰ লোভ চম্ভালিব নোৱাৰি দুৰ্নীতিৰে ধন ঘটিবলৈ গৈ পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এগৰাকী দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী।

মাত্ৰ ১ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ ৰেকৰ্ড শাখাৰ কৰ্মচাৰী ববী খান শইকীয়া। জানিব পৰা মতে শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ ৰেকৰ্ড শাখাৰ কৰ্মচাৰী ববী খান শইকীয়াই এজন লোকৰ পৰা ১ হাজাৰ টকাৰ উৎকোচ দাবী কৰিছিল। ববী খান শইকীয়াই উৎকোচ দাবী কৰা লোকজনে এই অভিযোগ লৈ কাষ চাপে দুৰ্নীতি নিবাৰক শাখাৰ।

উক্ত অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই ববী খান শইকীয়াক হাতে-লোটে ধৰিবলৈ জাল পেলায়। মঙলবাৰে লোকজনৰ পৰা দাবী কৰা ১ হাজাৰ টকাৰ উৎকোচ লৈ থকা অৱস্থাতে দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰিবলৈ সক্ষম হয় শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ববী খান শইকীয়া। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে ববী খান শইকীয়াৰ কবলৰ পৰা উৎকোচৰ টকাখিনিও উদ্ধাৰ কৰি ববী খান শইকীয়াক গ্ৰেপ্তাৰ কৰে।

এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৩৪/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থা অব্যাহত আছে। উল্লেখ্য যে যোৱা ১০ মে’ত শুক্লাই চেৰফাং গোৰেশ্বৰ সংমণ্ডল জলসিঞ্চন বিভাগৰ অভিযন্ত্ৰা মৃদুল দুৱৰীয়ে এজন ঠিকাদাৰৰ পৰা দাবী কৰা ২৫ হাজাৰ টকাৰ উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পৰিছিল।

শুক্লাই চেৰফাং গোৰেশ্বৰ সংমণ্ডল জলসিঞ্চন বিভাগৰ অভিযন্ত্ৰা মৃদুল দুৱৰীয়ে উৎকোচ দাবী কৰা ঠিকাদাৰজানো অভিযোগলৈ কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ। ১০ মে’ত দাবী কৰা উৎকোচৰ ১০ হাজাৰ টকা লৈ থকা অৱস্থাত ধৰা পৰিছিল মৃদুল দুৱৰী।উল্লেখ্য যে দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান অব্যাহত আছে।