গুৱাহাটী, ১১ আগষ্ট, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল তিনিজনকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল তিনিজন চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। ২০ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে অসম আৰক্ষীত কৰ্মৰত তিনিজন কৰ্মচাৰীয়ে।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত অধিক সংখ্যক লাট মণ্ডল। দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল জালত পৰাৰ ধাৰা অব্যাহত থকাৰ মাজতে এইবাৰ অসম আৰক্ষীত কৰ্মৰত তিনিজন পৰিল জালত। উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন আৰক্ষী বিষয়াৰ লগতে দুজন কনিষ্টবল।

উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আৰক্ষী বিষয়াজনৰ লগতে কনিষ্টবল দুজন। ২০ হাজাৰ টকাৰ উৎকোচ লৈ থাকোতে ধৰা পৰে অসম আৰক্ষী উপ পৰিদৰ্শক মুকুনদ্ৰ উপাধ্যায়, কনিষ্টবল হীৰাক জ্যোতি ডেকা আৰু মিজানুল হক। এজন লোকক গোচৰ নিষ্পত্তি কৰি দিয়াৰ বিনিময়ত এক লাখ টকা দাবী কৰিছিল মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ উপ পৰিদৰ্শক মুকুনদ্ৰ উপাধ্যায়। উপ পৰিদৰ্শকজনে উৎকোচ দাবী কৰা লোকজন কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ।

লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অতি কৌশলেৰে জাল পেলাই উৎকোচ লৈ থকা অৱস্থাত লাহৰীঘাট থানাৰ উপ পৰিদৰ্শক মুকুনদ্ৰ উপাধ্যায়ক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে ২০ হাজাৰ টকা লৈ থকা অৱস্থাত মুকুনদ্ৰ উপাধ্যায়ক হাতে-লোটে ধৰি উৎকোচৰ ২০ হাজাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে। এই উৎকোচকাণ্ডত উপ পৰিদৰ্শক মুকুনদ্ৰ উপাধ্যায়ক সহায় কৰাৰ অভিযোগত হীৰাক জ্যোতি ডেকা আৰু মিজানুল হকক আটক কৰে অভিযানকাৰী দলটোৱে।

দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে তিনিওক গ্ৰেপ্তাৰ কৰি এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৬০/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে। উল্লেখ্য যে বিগত সময়ছোৱাত উৎকোচ দাবী কৰি কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে। ইয়াৰে অধিক সংখ্যক লাট মাণ্ডল।