গুৱাহাটী, ১০ আগষ্ট, ২০২৩ : আজিৰ পৰা দহ পূৰ্বে, যেতিয়া গেছ ছিলিণ্ডাৰৰ মূল্য ৪১০ টকা হৈছিল, তেতিয়া কান্ধত ছিলিণ্ডাৰ আৰু ডিঙিত আলু-পিঁয়াজৰ মালা পিন্ধি ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ-সকলোতে ৰাজপথত নামিছিল বিজেপিৰ নেতা-নেত্ৰীসকল৷ আজি দহ বছৰৰ মূৰত অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ (Jatiya Mahila Sakti) নেত্ৰী-সদস্যাসকলেও একে পদ্ধতিৰে হাতত খালী ছিলিণ্ডাৰ লৈ, ডিঙিত আলু-পিঁয়াজৰ মালা পিন্ধি, বিজেপি চৰকাৰে দহ বছৰ পূৰ্বে ‘আচ্ছে দিন’ভাল দিন আহিব বুলি দিয়া প্ৰতিশ্ৰুতিসমূহ সোঁৱৰাই দিয়ে৷

গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰী পাৰত সমৱেত হোৱা জাতীয় মহিলা শক্তিৰ নেত্ৰীসকলে আৰক্ষীৰ বাধা নেওচি চিঞৰি চিঞৰি কয় যে বিজেপিয়ে যি ভাল দিনৰ প্ৰতিশ্ৰতি দিছিল, সেই ভাল দিন আমাক নালাগে; আমাক আগৰ সেই বেয়া দিনবোৰেই ঘুৰাই দিয়ক৷ ৰাজ্য চৰকাৰে মূল্যবৃদ্ধি প্ৰতিৰোধ কৰিব নোৱাৰাৰ প্ৰতিবাদত সমৱেত হোৱা মহিলাসকলে ৰাজ্য চৰকাৰ আৰু বিজেপি দলৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দিয়াৰ লগতে ৰাজপথত যোগানমন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ প্ৰতিকৃতি দাহ কৰে৷

উল্লেখযোগ্য যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণেৰে দেশলৈ ভাল দিন উভতাই অনাৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ ভুল নীতি আৰু স্বাৰ্থান্বেষী কাম-কাজৰ বাবেই দেশৰ বজাৰত সম্প্ৰতি এক অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী মহিলাসকলে৷ এফালে ৰাজ্য চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰী আইন সংশোধন কৰি বজাৰৰ ওপৰত থকা চৰকাৰৰ নিয়ন্ত্ৰণ নাইকীয়া কৰি ব্যৱসায়ী-বনিয়াসকলক অবাধ স্বাধীনতা প্ৰদান কৰা আৰু আনফালে ছিণ্ডিকেটৰাজ মূলতঃ এই দুটা কাৰকৰ হেতু চাউল-ডাইলৰ পৰা আৰম্ভ কৰি নিৰ্মাণ সামগ্ৰী তথা ঔষধলৈকে প্ৰায় সকলো বস্তুৰ মূল্য অনিয়ন্ত্ৰিত হাৰত বাঢ়ি জনসাধাৰণৰ ক্ৰয় ক্ষমতাৰ বাহিৰলৈ গুছি গৈছে বুলি কয় মহিলাসকলে।

এনে পৰিস্থিতিত ত্ৰাহি মধুসুধন দেখা ৰাইজক সকাহ দিবলৈ চৰকাৰে বিশেষ একো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই৷ বস্তুৰ মূল্য নিৰ্ধাৰণ আৰু ৰূপায়নৰ বিষয়বোৰ চাবলৈ জিলাই জিলাই টাস্ক ফোৰ্চ গঠন কৰিও দিয়া হৈছিল যদিও উক্ত টাস্ক ফোৰ্চসমূহ অকাৰ্যক্ষম হৈ বহি থকা দেখা গৈছে৷ ফলত প্ৰায়বোৰ পৰিয়ালৰে উপাৰ্জনকাৰী মুৰব্বীসকলৰ বাবে জীৱন ধাৰণৰ বিষয়টোৱেই অসহনীয় বোজাৰ দৰে হৈ পৰিছে যদিও চৰকাৰে একো কানসাৰ দিয়া নাই বুলি অভিযোগ কৰে জাতীয় মহিলা শক্তিৰ নেত্ৰীসকলে৷ চৰকাৰৰ এনে নিৰ্বিকাৰ ভূমিকাৰ প্ৰতিবাদত বৃহস্পতিবাৰে ৰাজপথলৈ ওলাই আহে অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তি৷

সংগঠনটোৰ সভানেত্ৰী আল্পনা শৰ্মা, কাৰ্যকৰী সভানেত্ৰী অপৰাজিতা দাস বৰা আৰু সাধাৰণ সম্পাদিকা মৌচুমী শৰ্মা বেজবৰুৱাৰ নেতৃত্বত সহস্ৰাধিক মহিলা সমৱেত হৈ গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰ কঁপাই তোলে৷ প্ৰতিবাদকাৰী মহিললাসকলে হাতে হাতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী লিখা প্লে’ কাৰ্ড আদি প্ৰদৰ্শন কৰাৰ লগতে কেইবাগৰাকী মহিলাই হাতত খালী গেছৰ ছিলিণ্ডাৰ লৈ তথা আন কেইবাগৰাকীয়ে ডিঙিত আলু-পিঁয়াজৰ মালা পিন্ধি চৰকাৰ বিৰোধী শ্ল’গান দিয়ে৷ কেইবাগৰাকী মহিলা প্ৰতিবাদকাৰীয়ে বিজেপি নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী বিজয়া চক্ৰৱৰ্তীয়ে দহ বছৰ পূৰ্বে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা ফটোৰ কাট আউট প্ৰদৰ্শন কৰি বিজেপি দলক তেওঁলোকৰ পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহলৈ মনত পেলাই দিয়ে৷

প্ৰতিবাদকাৰী মহিলাসকলৰ সৈতে আৰক্ষীৰ ঠেলা-হেঁচাও লাগে৷ প্ৰতিবাদকাৰীসকলে যোগান মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ প্ৰতিমুৰ্তি দাহ কৰিবলৈ চেষ্টা চলাওঁতে আৰক্ষীয়ে বেৰিকেট সৃষ্টি কৰি বাধা দিয়ে যদিও প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বাধা নেওচি প্ৰতিমুৰ্তিটো দাহ কৰে৷ প্ৰতিবাদৰ অন্তত জাতীয় মহিলা শক্তিৰ সভানেত্ৰী আল্পনা শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে বয়-বস্তুৰ দাম জনসাধাৰণৰ ক্ৰয় ক্ষমতাৰ বাহিৰলৈ গুছি গৈছে৷ বজাৰত এক প্ৰকাৰৰ অঘোষিত জৰুৰী অৱস্থা চলি আছে৷ এনে অৱস্থাত চৰকাৰে নিজৰ দায়িত্ব পালন নকৰি শুই আছে৷ চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগটো ঢাল-তৰোৱাল নোহোৱা নিধিৰাম চৰ্দাৰৰ দৰে ৰৈ আছে৷ অথচ চৰকাৰৰ হাতত বজাৰক নিয়ন্ত্ৰণলৈ অনাৰ আইনগত ক্ষমতা আছে৷ চৰকাৰে সেই ক্ষমতা প্ৰয়োগ কৰা নাই৷ ইয়াৰ পৰা বুজা যায় যে পুঁজিপতি বনিয়া গোষ্ঠীসমূহৰ সৈতে চৰকাৰৰ মানুহৰ ভিতৰুৱা বুজাবুজি আছে৷ ছিণ্ডিকেটৰাজ বন্ধ কৰিব পাৰিলেও ৰাইজে যথেষ্ট সকাহ পালেহেতেন৷ কিন্তু ছিণ্ডিকেট স্বয়ং দিছপুৰৰ পৃষ্ঠপোষকতাতে চলি আছে৷ ফলত তাৰ কুপৰিণাম ৰাইজে ভোগ কৰিবলগীয়া হৈছে৷ সেয়ে চৰকাৰখনক টোপনিৰ পৰা জগাবলৈ এনে ধৰণৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়নৰ প্ৰয়েজনীয়তা আহি পৰিছে।