আজিজ আলী

মুকালমুৱা : নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত ধুমুহাৰ তাণ্ডৱ। ধুমুহাৰ ফলত বৰক্ষেত্ৰী সমষ্টিৰ বিভিন্ন অঞ্চলত ব্যাপক ক্ষতি। বহু লোকৰ ঘৰ দুৱাৰ উৰুৱাই নিয়ে ধুমুহাই। নানমি অসমৰ বিভিন্ন প্ৰান্ত কোবাই যায় ধুমুহাই।

বৃহস্পতিবাৰে নামনি অসমৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ ফলত ব্যাপক ক্ষতি সাধন হয়। ধুমুহাৰ ফলত নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিটো ব্যাপক ক্ষতি সাধন হোৱা বুলি জানিবলৈ পোৱা যায়। বৰক্ষেত্ৰী সমষ্টিৰ ঘৰুৱাবাহা, দিৰুৱা, কেকানকুচি, জয়সাগৰ, মুকালমুৱা, আদাট্ৰাৰী আদি ঠাইত ধুমুহাত ব্যাপক ক্ষতি সাধন হয়।

বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত অহা শিলাবৃষ্টি আৰু ধুমুহা বৰষুণে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত ব্যাপক ক্ষতি সাধন কৰে। ঘৰুৱাবাহাৰ নৱদ্বীপ নাথ, কুলেন নাথ, বিপুল নাথ, মুনিন নাথৰ লগতে বহু সংখ্যক লোকৰ পৰিয়ালত ব্যাপক ক্ষতি সাধন হয়। ধুমুহাই বহু লোকৰ ঘৰ দুৱাৰ উৰুৱাই নিয়ে।

ইফালে ধুমুহাৰ লগতে অহা শিলাবৃষ্টিৰ ফলত পথাৰৰ শস্যৰ ব্যাপক ক্ষতি সাধন হোৱা বুলিও জানিবলৈ পোৱা যায়। বৰক্ষেত্ৰী সমষ্টিৰ ক্ষতিগ্ৰস্ত লোকসকলক গাঁওবুঢ়া আৰু চক্ৰ বিষয়াৰ জৰিয়তে পৰ্যবেক্ষণ কৰি জিলা উপায়ুক্তক ক্ষতিপূৰণ দিবলৈ সচেতন মহলৰ লগতে বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি নাচিৰ প্ৰধানীয়ে দাবী জনাইছে।