গুৱাহাটী : শ্রেণীকোঠ এৰি ৰাজপথলৈ ওলাই আহিল টেট উত্তীৰ্ণ শিক্ষক সকল। গুৱাহাটীৰ ৰাজপথ কপালে প্ৰায় ২০ হাজাৰ টেট উত্তীৰ্ণ শিক্ষকে। আৰক্ষীৰ বাধাকো কেৰেপ নকৰি ৰাজপথৰ ওপৰত বহি পৰে প্ৰতিবাদকাৰী টেট উত্তীৰ্ণ শিক্ষক সকল। আৰক্ষীয়ে কেইজনমানক আটক কৰে যদিও প্ৰতিবাদ ৰোধ কৰাত সম্পূৰ্ণ বিফল হোৱা পৰিলক্ষিত হ’ল আৰক্ষী।

বৃহস্পতিবাৰে পুৱাৰ ভাগৰে পৰা মহানগৰী গুৱাহাটীৰ কাহিলীপাৰাৰ ৰাজপথ উত্তাল হৈ পৰে। প্ৰায় ২০ হাজাৰ টেট উত্তীৰ্ণ শিক্ষক সকল কাহিলীপাৰাস্থিত সৰ্বশিক্ষা মিছন সঞ্চালকালয়ৰ কাৰ্যালয়ৰ সন্মুখৰ ৰাজপথ কঁপাই তোলে। সমগ্ৰ ৰাজ্যৰ পৰা টেট উত্তীৰ্ণ শিক্ষক সকল আহে সৰ্বশিক্ষা মিছন সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ।

চাকৰি নিয়মীয়াকৰণ, বকেয়া আদায়, ৩০ মাহে বঞ্চিত হৈ থকা ৫ শতাংশ মৰগীয়া বানাচ মোকলাই দিয়া আৰু ২০২০ চনৰ কেবিনেটৰ অনুমোদিত সা-সুবিধা প্ৰদানৰ দাবীত টেট উত্তীৰ্ণ শিক্ষক সকল সৰ্বশিক্ষা মিছন সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী শিক্ষক সকল ৰাজপথৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰাত কাহিলীপাৰা পথত তীব্ৰ যান যঁতৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়।

প্ৰতিবাদকাৰী টেট উত্তীৰ্ণ শিক্ষক সকল আমাৰ দাবী মানিব লাগিব, আমাৰ চাকৰি নিয়মীয়াকাৰণ কৰক, শিক্ষামন্ত্ৰীৰ কাম নাই, অসমৰ চৰকাৰ মূর্দাবাদ আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে কাহিলীপাৰাৰ আকাশ বতাহ উত্তাল কৰি তোলে। আৰক্ষীয়ে বাধা প্ৰদান কৰি কেইবাজনো প্ৰতিবাদকাৰী টেট উত্তীৰ্ণ শিক্ষক আটক কৰে। আৰক্ষীৰ বাধা প্ৰদানৰ পিছতে প্ৰতিবাদী টেট শিক্ষক সকল ৰাজপথৰ ওপৰত বহি প্ৰতিবাদ সাব্যস্ত কৰে।

টেট শিক্ষক সকলৰ প্ৰতিবাদ।ৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ সকলো প্ৰচেষ্টা বিফল হোৱা পৰিলক্ষিত হয়। ইফালে পুৱাৰ ভাগৰে পৰা আৰক্ষীয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা টেট শিক্ষক সকলক বিভিন্ন ঠাইত আটক কৰে। ইয়াৰ পিছতো প্ৰায় ২০ হাজাৰ টেট উত্তীৰ্ণ শিক্ষক সকল একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে।