ৰঙিয়া, ৮ জুলাইঃ ৰঙিয়াৰ দৰিদ্ৰ পৰিয়ালৰ এটি কনমানি শিশু। শিশুটোৱে উপযুক্ত চিকিৎসাৰ অভাৱত জীৱন-মৃত্যুৰে যুঁজিছে। শিশুটো নাম হিবজুল আলী। ৰঙিয়াৰ গোগমালাছাৰ দিন হাজিৰা কৰা শ্ৰমিক চাদেক আলীৰ পুত্ৰ। আঢ়ৈ বছৰীয়া হিবজুল আলী বৃক্ক ৰোগত আক্ৰান্ত। আৰ্থিক দীনতাৰে পিষ্ট দুখীয়া পৰিয়ালটোৱে ঘৰৰ মাটি, হালৰ গৰু বিক্ৰী কৰিও শিশুটোৰ উপযুক্ত চিকিৎসা কৰিবলৈ সক্ষম হোৱা নাই। প্ৰায় ৮ মাহ পূৰ্বে শিশুটো অসুস্থ হোৱাত পৰিয়ালটোৱে প্ৰথমে ৰঙিয়াৰ এখন হাস্পাতালত দেখুৱাইছিল। কিন্তু শিশুটো সুস্থ হৈ নুঠাত গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰায়। হাস্পাতালত ২১ দিন ৰখাৰ পিছত চিকিৎসকে চূড়ান্ত দায়িত্বহীনতাৰে ঘৰলৈ পঠিয়াই দিয়ে। পৰবৰ্তী সময়ত শিশুটো পুনৰ অসুস্থ হোৱাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায়। বিভিন্ন পৰীক্ষাৰ অন্তত শিশুটোৰ এটা বৃক্ক নষ্ট হোৱাৰ লগতে আনটো বৃক্কও উপযোগী চিকিৎসা নাপালে নষ্ট হ’ব বুলি চিকিৎকে জনায়। আনটো বৃক্ক সুস্থ কৰি তুলিবলৈ অপাৰেচনৰ বাবদ প্ৰায় ৫ লাখ টকাৰ প্ৰয়োজন। ইতিমধ্যে পৰিয়ালটোৱে শিশুটোৰ চিকিৎসাৰ নামত সকলো বিক্ৰী কৰি সৰ্বস্বান্ত হৈছে। কনমানি শিশুটিক সুস্থ কৰি তুলিবলৈ দৰকাৰ হোৱা ৫ লাখ টকাৰ যোগাৰ কৰিবলৈ পৰিয়ালটো সম্পূৰ্ণৰূপে অসমৰ্থ। শিশুটোৰ উপযুক্ত চিকিৎসাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৱে সহায় কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। লগতে শিশুটোক সুস্থ কৰি তুলিবলৈ সুহৃদ ব্যক্তি তথা দল-সংগঠনে চিকিৎসাৰ বাবে সাহাৰ্য্য আগবঢ়াব বিচাৰিলে ৮৭২১০৯৮১৬৭ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। ইচ্ছুক ব্যক্তিয়ে ২০২১০১০০৬৪৮৩১  নম্বৰৰ united bank of india ৰ একাউন্টত অনুদান আগবঢ়াব পাৰিব।