তিতাবৰ, ১৮ছেপ্টেম্বৰঃ তিতাবৰ আবকাৰী বিভাগে নিশা অভিযান চলাই মৰিয়নিৰ নিউ সোনোৱালৰ পৰা বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰে প্ৰাপ্ত তথ্য মতে, তিতাবৰ আবকাৰী উপ পৰিদৰ্শক দুলাল চন্দ্ৰ বৰাৰ নেতৃত্বত যোৱা এটা দলে অভিযান চলাই মৰিয়নিৰ নিউ সোনোৱালৰ বলু দাস নামৰ ব্যক্তিজনৰ ঘৰত ১৭০টা অবৈধ অৰুণাচলী সুৰাৰ বটল জব্দ কৰে। আৰক্ষীয়ে বলু দাসক আটক কৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও তিতাবৰ আবকাৰী বিভাগে বিভিন্ন অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰিছে। অঞ্চলটোত বহিঃৰাজ্যৰ অবৈধ সুৰাৰ ব্যৱসায় দিনক দিনে বৃদ্ধি পাইছে৷ প্ৰশাসনে এই অবৈধ সুৰা ব্যৱসায়ী সকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ এই সুৰা ব্যৱসায়ীক নাকী লগাবলৈ সক্ষম হোৱা নাই৷