সংবাদ ৩৬৫ ডেস্ক, ১৮ ছেপ্টেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ কামৰূপত কালি বিয়লি অহা প্ৰৱল ঘূৰ্ণী বতাহে বিস্তৰ ক্ষতি সাধন কৰে৷ ঘূৰ্ণী বতাহৰ ফলত বাটৰহাটত গছ ভাগি বিদ্যুতৰ তাঁৰ ছিঙাত অঞ্চলটোত বৰ্তমানলৈ বিদ্যুৎ সেৱা ব্যাহত হৈ আছে। মহানগৰীৰ পাৰ্শ্বৱৰ্তী বঙৰাতো বিদ্যুতৰ খুঁটা উভালি পৰাত বঙৰাৰ ইছালপুৰ, ধৰমপুৰ, আল্লিবাৰি, ৰঙাপাৰাতো বৰ্তমানলৈ বিদ্যুৎ সেৱা ব্যাহত হৈ আছে। একেদৰে ৰাণীত ঘূৰ্ণী বতাহে বিস্তৰ ক্ষতি কৰে৷ ঘূৰ্ণী বতাহে ৰাণীৰ কেবাটাও ঘৰ-দুৱাৰ, দোকান, কাৰ্য্যালয় তচনচ কৰাৰ লগতে প্ৰকাণ্ড প্ৰকাণ্ড গছ-গছনি উভালি পৰাত দোকান, আবাস গৃহৰ বিস্ত ক্ষতি হয়৷ ৰাণীৰ জয়ান্তীপুৰৰ কুমুদ নাথৰ দোকানৰ ভিতৰত এডাল প্ৰকাণ্ড গছ বাগৰি পৰাত কথমপি নাথৰ প্ৰাণ ৰক্ষা পৰে। যোৰাবাট সোণাপুৰতো প্ৰচণ্ড ধুমুহা-বৰষুণত বহু দুৰ্গা পূজাৰ পেণ্ডেল ক্ষতিগ্ৰস্ত হয়৷ গুৱাহাটীত এখন বাইকৰ ওপৰত গছ বাগৰি পৰাত পৱিত্ৰ ৰাজবংশী নামৰ লোকজন থিতাতে নিহত হয়৷ আনহাতে মহানগৰীৰ বিষ্ণুপুৰত বিশ্ব অভিলেখৰ লক্ষ্যৰে বাঁহেৰে নিৰ্মাণ কৰা ১০০ ফুট উচ্চতাৰ মা দূর্গাৰ প্ৰতিমা ঘূৰ্ণী বতাহৰ ফলত বাগৰি পৰে।