গুৱাহাটী, ৩ মে’, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) ১ মে’ ত মিজোৰামৰ আইজলৰ ছাইৰাঙলৈ পোন প্ৰথমবাৰৰ বাবে ট্ৰায়েল ৰান সফলভাৱে সম্পূৰ্ণ কৰাৰ সৈতে এক গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰে। ই উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যখনলৈ ৰে’ল সংযোগ বৃদ্ধিত এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে চিহ্নিত হোৱাৰ লগতে মিজোৰামক ৰাষ্ট্ৰীয় ৰে’লৱে নেটৱৰ্কৰ সৈতে ৰাজধানী সংযোগসহ উত্তৰ-পূৰ্ব্বাঞ্চলৰ চতুৰ্থ খন ৰাজ্য হিচাপেও পৰিগণিত কৰিছে। এই ঐতিহাসিক ট্ৰায়েল ৰান উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক (নিৰ্মাণ) অৰুণ কুমাৰ চৌধুৰীৰ লগতে অন্যান্য জ্যেষ্ঠ ৰে’ল বিষয়াবৰ্গৰ উপস্থিতিত সম্পন্ন কৰা হয়।

তেওঁলোকৰ উপস্থিতিয়ে এই সফলতাৰ গুৰুত্ব আৰু কঠিন ভূখণ্ড ও সামগ্ৰী সৰবৰাহৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ দিশত উত্তৰ পূব সীমান্ত ৰে’লৱে টীমৰ সমৰ্পণৰ ওপৰতেই আলোকপাত কৰে। ছাইৰাঙলৈ সফল পৰীক্ষণৰ পিছত চৌধুৰীয়ে মিজোৰামৰ ৰাজ্যপাল জেনেৰেল (ড০) বিজয় কুমাৰ সিঙ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহোমাক ভৈৰবী-ছাইৰাং ৰে’ল প্ৰকল্পৰ পৰিসৰ, অগ্ৰগতি আৰু কৌশলগত গুৰুত্ব সম্পৰ্কে বিস্তাৰিতভাৱে এক চমু প্ৰতিবেদন দাঙি ধৰে। চৌধুৰীয়ে লগতে কয় যে প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য সুচাৰুৰূপে আগবাঢ়িছে। তেওঁ লগতে কয় যে ৰে’লৱে সুৰক্ষা আয়ুক্তই জুনৰ আৰম্ভণিতে পৰিদৰ্শন কৰাৰ কথা আছে আৰু ১৭ জুনৰ পিছত ভৈৰৱী-ছাইৰাং ৰে’লপথ আনুষ্ঠানিকভাৱে উদ্বোধন হোৱাৰ সম্ভাৱনা আছে।

মত বিনিময়ৰ সময়ত তেওঁ নিৰ্মাণ পৰ্যায়ত সফলতাৰে অতিক্ৰম কৰা অভিযান্ত্ৰিক বাধাসমূহৰ বিষয়েও বৰ্ণনা কৰে আৰু প্ৰকল্পটোৱে অঞ্চলটোলৈ কঢ়িয়াই অনা প্ৰত্যাশিত অৰ্থনৈতিক আৰু সামাজিক লাভালাভৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ৫১.৩৮ কিলোমিটাৰ ভৈৰৱী-ছাইৰাং নতুন ৰে’লপথ প্ৰকল্পটো ভাৰতীয় ৰে’লৱেৰ এক অভিযান্ত্ৰিক আশ্চৰ্য। প্ৰকল্পটোত ৪৮ টা সুৰংগ, ৫৫ খন বৃহৎ সেতু আৰু ৮৭ খন সৰু সেতু আছে। এই প্ৰকল্পটোত সুৰংগৰ মুঠ দৈৰ্ঘ্য হৈছে ১২৮৫৩ মিটাৰ। ১৯৬ নং সেতুৰ উচ্চতা হৈছে ১০৪ মিটাৰ যি কুতুব মিনাৰতকৈ ৪২ মিটাৰ ওখ। প্ৰকল্পটোত ৫ খন ৰোড অভাৰ ব্ৰীজ আৰু ৬ খন ৰোড আণ্ডাৰ ব্ৰীজ আছে।

এই নতুন ৰে’লপথ প্ৰকল্পটো চাৰিটা খণ্ডত বিভক্ত, অৰ্থাৎ ভৈৰৱী-হৰতকী, হৰতকী-কাৱনপুই, কাৱনপুই-মুয়ালখাং আৰু মুয়ালখাং-ছাইৰাং। উত্তৰ-পূব সীমান্ত ৰে’লৱেই এই নতুন ৰে’ল পথ প্ৰকল্পটো শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, যাৰ ফলত মিজোৰামত সংযোগ ব্যৱস্থাৰ ক্ষেত্ৰত যথেষ্ট বিকাশ হ’ব। এই প্ৰকল্পৰ লক্ষ্য হৈছে স্থানীয় পৰ্যটন বৃদ্ধি, ক্ষুদ্ৰ উদ্যোগসমূহলৈ সঁহাৰি প্ৰদান আৰু যাত্ৰী ও সামগ্ৰীৰ বাবে পৰিবহন ব্যয় হ্ৰাস কৰা। ই মিজোৰামৰ ৰাজধানীৰ পৰা দেশৰ বাকী অংশলৈ ভ্ৰমণৰ সময় হ্ৰাস কৰিব, আনহাতে সমগ্ৰ দেশত অত্যাৱশ্যকীয় সামগ্ৰী আৰু দীৰ্ঘ দূৰত্বৰ ভ্ৰমণৰ বাবে উন্নত প্ৰৱেশযোগ্যতা নিশ্চিত কৰিব।