আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণকাৰী সংস্থাৰ কাৰ্যালয়ত পৰিবহন বিভাগৰ অভিযান। ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণকাৰী সংস্থা জিডিচিএল’ৰ ঘিলাগুৰিস্থিত কাৰ্যালয়ত শিৱসাগৰ জিলা পৰিবহন বিভাগৰ অভিযান। পৰিবহন বিষয়া, দণ্ডাধীশৰ নেতৃত্বত চলে এই অভিযান। অভিযানকালত ৩ খন ডাম্পাৰ ১ খন কাটাৰ পিলাৰ নামৰ নিৰ্মাণকাৰ্যৰ লগত ব্যৱহৃত গধূৰ বাহন জব্দ কৰে পৰিবহন বিভাগে।

প্ৰায় ৯০ লাখৰো অধিক কৰ দিবলৈ বাকী থকা ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণকাৰী সংস্থা জিডিচিএল’ৰ ঘিলাগুৰিস্থিত কাৰ্যালয়ত শিৱসাগৰ জিলা পৰিবহন বিভাগে অভিযান চলায়। ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণকাৰী সংস্থা জিডিচিএল’ৰ অধীনস্থ বাহণ সমুহে কৰ আদায় নিদিয়াৰ বাবেই অভিযান চলাই পৰিবহন বিভাগে ৩ খন ডাম্পাৰ ১ খন কাটাৰ পিলাৰ নামৰ নিৰ্মাণকাৰ্যৰ লগত ব্যৱহৃত গধূৰ বাহন জব্দ কৰে। জাঁজীৰ পৰা শিৱসাগৰৰ ডিমৌলৈকে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ জিডিচিএল নামৰ প্ৰতিষ্ঠানটোৱে।

জিডিচিএল নামৰ প্ৰতিষ্ঠানটোৱে উপঠিকা দিয়া ভিএচডি নামৰ প্ৰতিষ্ঠানটোৰ কাৰ্যালয়ত এতিয়াও পৰি আছে কৰ নিদিয়া প্ৰায় ৪০ খনতকৈও অধিক গাড়ী। সকলো গাড়ীয়েই জব্দ কৰিব বুলি স্পষ্ট কৰি দিছে পৰিবহণ বিভাগে। জিডিচিএলৰ পৰা উপঠিকা লাভ কৰা ভিএচডিয়ে মিলি স্থানীয় যুৱ ব্যৱসায়ী সকলে যোগান ধৰা বয় বস্তু, যান বাহণৰ বাবদ পাব লগা ধন, কৰ্মচাৰীৰ দৰমহা আদায় নিদি পলায়ন কৰাৰ অভিযোগ উত্থাপিত হৈছে প্ৰতিষ্ঠান দুটাৰ বিৰুদ্ধে।