গুৱাহাটী : অসম বিধনাসভাৰ বাজেট অধিবেশন চলি থকাৰ মাজতে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ। গুৱাহাটীৰ চচলস্থিত ধৰ্ণাস্থলী উত্তাল কৰিলে কেইবাটাও দল-সংগঠনে। বিভিন্ন দাবীলৈ ক’ভিড কেন্দ্ৰৰ চাফাই কর্মী, সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ, কোচ ৰাজবংশীৰ কেইবাটাও সংগঠন, দিব্যাংগ মঞ্চ অসমে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চচলস্থিত ধৰ্ণাস্থলী।

অসম বিধনাসভা বাজেট অধিবেশন অব্যাহত থকাৰ মাজতে বুধবাৰে চচলস্থিত ধৰ্ণাস্থলী ক’ভিড কেন্দ্ৰৰ চাফাই কর্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে। ক’ভিড কেন্দ্ৰ সমূহৰ শতাধিক চাফাই কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে চচলস্থিত ধৰ্ণাস্থলী। চৰকাৰী চাকৰিৰ দাবীত ক’ভিড কেন্দ্ৰ সমূহৰ চাফাই কর্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে। ক’ভিড কেন্দ্ৰৰ চাফাই কর্মী সকলে চতুৰ্থ শ্ৰেণীৰ চৰকাৰী চাকৰিৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে কয় যে ২০২০ চনত ক’ভিডসৃষ্ট পৰিস্থিতিৰ সময়ত সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক ক’ভিড কেন্দ্ৰ সমূহ পৰিষ্কাৰ কৰি ৰখাৰ বাবে আমাক চাফাই কর্মী হিচাপে নিযুক্তি দি কৈছিল আমাৰ চাকৰি চৰকাৰী চাকৰিৰ দৰে আৰু ক’ভিড শেষ হ’লেও আমাৰ এই চাকৰি থাকি যাব। কিন্তু পৰৱৰ্তী সময়ত আমাক কোনো ধৰণৰ জাননী নিদিয়াকৈ আমাক ক’ভিড কেন্দ্ৰৰ চাফাই কৰ্মীৰ পৰা অব্যাহতি দিছিল।

পিপিই কিট পৰিধান কৰি প্ৰৰিবাদ সাব্যস্ত কৰা ক’ভিড কেন্দ্ৰৰ এই চাফাই কর্মী সকলে তেওঁলোকক চতুৰ্থ শ্ৰেণীৰ চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান অথবা ৬০ বছৰ বয়স পৰ্যন্ত ঠিকা ভিত্তিত নিযুক্তি প্ৰদান কৰিব লাগে। ক’ভিড কেন্দ্ৰৰ চাফাই কর্মী সকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই, আমাক জীয়াই থাকিবলৈ দিয়ক অন্যথা আমাক গুলীয়াই মাৰক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিছলীয়া আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলীৰ পৰিৱেশ উত্তাল কৰি তোলে। অনাগত দিনত অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে।

ক’ভিড কেন্দ্ৰৰ চাফাই কর্মী সকলে লগতে দিব্যাংগ মঞ্চ অসমেও উত্তাল কৰি তোলে চচলস্থিত ধৰ্ণাস্থলী। চৰকাৰী চাকৰিৰ লগতে দিব্যাংগ সকলক প্ৰতি মাহে ৫ হাজাৰ টকাৰ পেঞ্চন প্ৰদানৰ দাবীত দিব্যাংগ মঞ্চ অসমৰ শতাধিক সদস্যই প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে কোচ ৰাজবংশী সকলে কেইবাটাও সংগঠন একত্ৰিত হৈ পৃথক কমতাপুৰ ৰাজ্য গঠন, জনজাতিকাৰণ আৰু অন্যান্য দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদস্থলীৰ আকাশ-বতাহ উত্তাল কৰি তোলে।

ইফালে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদেও উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে। পৰিষদৰ কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। দেশী উন্নয়ন পৰিষদ ঘোষণা কৰি কাৰ্যকৰী কৰা, স্বায়ত্ব পৰিষদ সমূহত বসবাস কৰা গৰিয়া-মৰিয়া-দেশী লোক সকলক সংৰক্ষিত জনগোষ্ঠী হিচাপে ঘোষণা কৰা আদি বিভিন্ন দাবীত মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে।