মানকাচৰ : মানকাচৰৰ অসম-মেঘালয় সীমান্তবৰ্তী পিপুলবাৰীত তীৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত আপত্তিজনক সামগ্ৰী, নগদ ধনসহ গ্ৰেপ্তাৰ চাৰি তীৰ কাউণ্টাৰৰ গৰাকী। কালাপানী আৰক্ষীয়ে চলাইছিল এই অভিযান। ধৃত চাৰিজনৰ এজন পূৰ্বে শিক্ষকতাৰ লগত জড়িত আছিল।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ অসম-মেঘালয় সীমান্তবৰ্তী পিপুলবাৰী বজাৰত সোমবাৰে দিনৰ প্ৰায় ২ বজাত কালাপানী আৰক্ষীয়ে অভিযান চলাই চাৰিজন তীৰ খেলৰ জুৱাৰীক গ্ৰেপ্তাৰ কৰে। জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালৰ এক গোপন খবৰৰ ভিত্তিত কালাপানী আৰক্ষী চকীৰ উপ-পৰিদৰ্শক জয়ন্ত ৰাজখোৱাই তীৰ খেলৰ বিৰুদ্ধে এই অভিযান চলাইছিল।

আৰক্ষীয়ে এই অভিযানত তীৰ খেলৰ চাৰিজন জুৱাৰীক আটক কৰি তেওঁলোকৰ পৰা বহুত আপত্তিজনক সামগ্ৰী, নগদ ধন, চাৰিটা মোবাইল ফোন জব্দ কৰে। ধৃত জুৱাৰী কেইজন ক্ৰমে মানকাচৰ থানা এলেকাৰ বোচাকাটা গাঁৱৰ আব্দুল মান্নান, পিপুলবাৰী দ্বিতীয় খণ্ড গাঁৱৰ আব্দুল কাদেৰ, বাবুল হাচান আৰু দক্ষিণ শালমাৰা থানা এলেকাৰ টুমনি গাঁৱৰ অমিনুৰ ইছলাম বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জুৱাৰী কেইজনক জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ এই অভিযানৰ সময়ত অন্য তিনিজন তীৰৰ গৰাকী পলায়ন কৰিবলৈ সক্ষম হয়। মঙলবাৰব পুৱাৰ ভাগত জুৱাৰী কেইজনক হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰোৱা হ’ব।
উল্লেখ্য যে জুৱাৰী কেইজনক আৰক্ষীয়ে জেৰা কৰাৰ সময়ত আব্দুল মান্নান নামৰ জুৱাৰীজন ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ শিক্ষক বুলি পোহৰলৈ আহিছে।

পূৰ্বে আব্দুল মান্নান এখন ভেঞ্চাৰ স্কুলৰ শিক্ষক আজিল যদিও আব্দুল মান্নানৰ পদ প্ৰাদেশিকৰণ নোহোৱাত আব্দুল মান্নান শিক্ষকতা এৰি তীৰ খেলৰ কামত জড়িত হোৱা বুলি আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি দিয়া পৰিলক্ষিত হৈছে। আনহাতে ধৃত তীৰ খেলৰ জুৱাৰী কেইজনৰ পৰা এজন দালালে প্ৰতি মাহত জিলা আৰক্ষী অধীক্ষকৰ নামত ২ হেজাৰকৈ টকা সংগ্ৰহ কৰে বুলি আৰক্ষীৰ ওচৰত বিস্ফোৰক স্বীকাৰোক্তি দিয়ে।