আজিজ আলী

মুকালমুৱা : ৰাজ্যত ক্ৰমাৎ ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্রান্ত লোকৰ সংখ্যা। ৰাজ্যৰ কেইবাখনো জিলাত ইতিমধ্যে নতুন নতুন লোক আক্রান্ত হৈছে ক’ভিডত। নলবাৰীতো বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। উল্লেখযোগ্য যে নলবাৰীৰ মুকালমুৱাত ক’ভিডৰ তৃতীয় ঢৌত আক্ৰান্ত হৈছে এগৰাকী সহকাৰী অধ্যাপক।

বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপক আক্ৰান্ত হৈছে ক’ভিডত। মহাবিদ্যালয়খনৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক আক্ৰান্ত হৈছে ক’ভিডত। সহকাৰী অধ্যাপক গৰাকী কভিডত আক্রান্ত হোৱাৰ পিছতে মহাবিদ্যালয়খনত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। সহকাৰী অধ্যাপক গৰাকী ক’ভিড আক্ৰান্ত হোৱাৰ পিছতে
মহাবিদ্যালয়খনত সকলোকে ক’ভিড পৰীক্ষা কৰিবলৈ স্বাস্থ্য বিভাগক আহ্বান জনাইছে মহাবিদ্যালয়খনৰ কতৃপক্ষই।

ইফালে মহাবিদ্যালয়খনৰ প্ৰতিগৰাকী ছাত্র-ছাত্ৰীক মাস্ক পৰিধান কৰি মহাবিদ্যালয়ত প্ৰৱেশ কৰাৰ নিৰ্দেশ দিছে অধ্যাপিকা মামনি ভট্টাচাৰ্যই। আনফালে মুকালমুৱা চিকিৎসালয়তো ৪ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। উল্লেখযোগ্য যে নলবাৰী জিলাত শনিবাৰৰ দিনটোত সৰ্বাধিক ২৮ গৰাকী লোকৰ শৰীৰত ধৰা পৰিছিল ক’ভিড।

আনহাতে দেওবাৰে জিলাখনত ৩০৫ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল যদিও ১২ গৰাকীৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছিল বুলি জিলা স্বাস্থ্য বিভাগৰ তথ্যত উল্লেখ কৰিছে। উল্লেখ্য যে দেওবাৰে ৰাজ্যত ৯৮৮ গৰাকী লোকৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছিল। ইয়াৰে সৰ্বাধিক ৪৯০ গৰাকী লোক কামৰূপ মহানগৰ জিলাৰ। দেওবাৰৰ দিনটোত মৃত্যু হৈছিল ১ গৰাকী ক’ভিড ৰোগীৰ।