অনলাইন ডেস্ক সংবাদ ৩৬৫, ১৮ ছেপ্টেম্বৰঃ ম্যানমাৰত ৰোহিঙীয়া মুছলমানৰ ওপৰত সংঘটিত হিংসাত্মক ঘটনাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে আহমদীয়া মুছলিম জামাতে৷ জামাতৰ ভাৰতীয় প্ৰৱক্তা তাৰিক আহমেদে এক বিবৃতিত কয় যে, ম্যানমাৰ সেনাই ৰোহিঙীয়া মুছলমানৰ ওপৰত চলোৱা অমানৱীয় হিংসাত্মক ঘটনা সমগ্ৰ মানৱ জাতিৰ কাৰণে অতি লজ্জাজনক৷ আহমেদে আন্তৰাষ্ট্ৰীয় সংস্থা সমূহক ম্যানমাৰৰ ৰোহিঙীয়া মুছলমানক সহায় আগবঢ়োৱাৰ লগতে তেওঁলোকৰ মৌলিক অধিকাৰ ৰক্ষা কৰাত বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়৷ আহমদীয়া মুছলিম জামাতৰ ৰোহানী খলিফা হজৰৎ মিৰ্জা নছৰুদ আহমেদে কয় যে, সমগ্ৰ বিশ্বৰ আহমদীয়া মুছলিমে ৰোহিঙীয়া মুছলমানৰ ওপৰত সংঘটিত হিংসাত্মক ঘটনাত দুখ প্ৰকাশ কৰিছে৷ তেওঁ ৰোহিঙীয়া মুছলমানৰ ওপৰত সংঘটিত হিংসাত্মক ঘটনা শীঘ্ৰে অৱসান হোৱাৰ আশা প্ৰকাশ কৰি মুছলমান ধৰ্মৰ বিভিন্ন সম্প্ৰদায়ৰ মাজৰ মতভেদে ইছলামৰ ধৰ্মৰ লোকৰ মাজত হোৱা অত্যাচাৰৰ প্ৰধান কাৰণ বুলি মন্তব্য কৰে৷ তেওঁ ইছলামিক দেশ আৰু সম্প্ৰদায়ৰ মাজত জোঁটবন্ধন হ’লে এনে ঘটনা হ্ৰাস পাব বুলি উল্লেখ কৰে৷ আহমেদিয়া মুছলিম জামাতে ম্যানমাৰত ৰোহিঙীয়া মুছলমানক সহায়ৰ কাৰণে আগবাঢ়ি অহা আন্তৰাষ্ট্ৰীয় সংস্থা সমূহক ইছলামিক দেশসমূহক সহায় কৰিবলৈ আহ্বান জনায়৷ জামাতৰ নেতৃবৃন্দই লগতে মত ব্যক্ত কৰে যে, প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ ধৰ্ম আৰু পৰম্পৰা পালনৰ অধিকাৰ থাকিব লাগে আৰু দেশৰ নিয়ম অনুসৰি প্ৰতিজন লোকে এই অধিকাৰ পাব লাগে৷