মুকালমুৱা, ৩১ মেঃ নলবাৰীৰ দক্ষিন প্ৰান্তৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ ঐতিহ্যমণ্ডিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ নুৰুল হ‘ক আলীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান দখলেৰে সমগ্ৰ নলবাৰীলৈ কঢ়িয়াই আনিলে গৌৰৱ ৷ মুকালমুৱাৰ নাৰায়নপুৰ গাওঁৰ ট্ৰাক চালক মোস্তাফা আলীৰ পুত্ৰ নুৰুল হ’কৰ এই সাফল্যৰ পিছতে সমগ্ৰ মুকালমুৱাতে এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে ৷ নুৰল হ’কৰ সাফল্যৰ পিছতে মুকালমুৱাত এক বৃহৎ শোভাযাত্ৰা উলিয়াই মুকালমুৱাৰ সচেতন মহলে৷ নুৰুলৰ বিদ্যালয়ৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীৰ লগতে শুভকাঙ্খীসকলে এই শোভাযাত্ৰা অংশগ্ৰহণ কৰে৷ ভবিষ্যতে এজন ছফট’ৱেৰ ইঞ্জিনীয়াৰ হোৱাৰ সপোন মেধাবী ছাত্ৰ নুৰুল হ’ক আলী ৷ নুৰুলৰ এই সাফল্যত পিতৃ তথা পৰিয়ালৰ লোকৰ লগতে সমগ্ৰ নলবাৰী জিলাতে এক আনন্দৰ জোৱাৰ সৃষ্টি কৰিছে ৷ ৫৮৮ নম্বৰেৰে ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰা নুৰুলৰ এনে সাফল্যত অঞ্চলটোৰ বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনে মেধাবী ছাত্ৰজন সম্ভাষন জনাইছে৷