গুৱাহাটী, ২৩ মে’ : এইবাৰ গুৱাহাটীৰত নকল সোণ বিক্ৰী কৰিবলৈ আহি জালত পৰিল দুজন যুৱক (Two Arrested With Fake Gold)। জালত পৰা যুৱক দুজন লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ। যুৱক দুজনৰ পৰা নকল সোণ ক্ৰয় কৰিবলৈ উত্তৰ প্ৰদেশৰ পৰা আহিছিল ক্রেতাজন। তিনি লাখ টকাত যুৱক দুজনে বিহপুৰীয়াৰ পৰা আহিছিল নকল সোণৰ নাও বিক্ৰী কৰিবলৈ।

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক দুর্ঘটনাত মৃত্যু হোৱা ঘটনা ৰাজ্যজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে। জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। ৰাজ্যত নকল সোণ আৰু জাল নোটৰ এটা ভয়ংকৰ চক্ৰৰ তথ্যও উদঙাইছে জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৱে। নকল সোণ আৰু জাল নোট চক্ৰটোৰ লগত নাম সাঙোৰ খাইছে আৰক্ষীৰ।

নকল সোণ আৰু জাল নোট চক্ৰটো লখিমপুৰ জিলাৰ পৰাই নিয়ন্ত্ৰিত হৈ থকাৰো অভিযোগ উত্থাপন হৈছে।জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ পিছতে এই চক্ৰটোৰ বিৰুদ্ধে অসম আৰক্ষী অধিক সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে কিছুদিন পূৰ্বে ৩০ দিনৰ ভিতৰত অসমৰ পৰা এই নকল সোণ আৰু জাল নোট কৰটোক সম্পূৰ্ণৰূপে উৎসাত কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল। ইতিমধ্যে নকল সোণ আৰু জাল নোট চক্ৰৰ বিৰুদ্ধে অভিযান চলাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে কেইবাজনো লোকক আটক কৰিছে।

আৰক্ষীৰ অভিযানকালত জব্দ হৈছে নকল সোণ আৰু জাল নোট। লখিমপুৰৰ পৰা এই চক্ৰটোক উৎসাত কৰিবলৈ জিলাখনৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ব্যাপক অভিযান আৰম্ভ কৰিছে। ইতিমধ্যে লখিমপুৰৰ পৰা নকল সোণ আৰু জাল নোটৰ চক্ৰ চলাই থকা কেইবাজনো জালত পৰিছে। আৰক্ষীৰ নকল সোণ আৰু জাল নোট বিৰোধী তীব্ৰ অভিযান চলি থকাৰ মাজতে এইবাৰ মহানগৰী গুৱাহাটীত নকল সোণসহ আৰক্ষীৰ জালত পৰিছে দুজন যুৱক। নকল সোণৰ নাওসহ জালত পৰা যুৱক দুজন লখিমপুৰৰ বিহপুৰীয়াৰ ৰচিদুল আলী আৰু ইনামূল আলী বুলি জানিব পৰা গৈছে।

যুৱক দুজনৰ পৰা আৰক্ষীয়ে দুটা নকল সোণৰ নাও উদ্ধাৰ কৰিছে। নকল সোণ নাও দুটাৰ ওজন ৩.৭১৫ কেজি। যুৱক দুজনে ৩ লাখ টকাৰ বিনিময়ত উত্তৰ প্ৰদেশৰ এজন লোকক নকল সোণৰ নাও দুটা বিক্ৰী কৰিবলৈ লখিমপুৰৰ পৰা আহিছিল। গড়চুক আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই নকল সোণৰ নাওসহ যুৱক দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।