গুৱাহাটী, ২২ মে’ : নিষিদ্ধ সামগ্ৰী সৰবৰাহকাৰীৰ লক্ষ্য এতিয়া ৰে’ল। ড্ৰাগছৰ লগতে বিভিন্ন নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ বাবে সৰবৰাহকাৰী (Drugs Paddler) সকলে ব্যৱহাৰ কৰিবলৈ ধৰিছে ৰে’ল। যোৱা দুদিনত ৰে’লৱে সুৰক্ষা বাহিনীয়ে ৰে’লযোগে সৰবৰাহ কৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে যোৱা দুদিনত ৬.৯ লাখ টকাতকৈও অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰাৰ লগতে পাঁচজন সৰবৰাহকাৰীক আটক কৰিছে।উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ) ৰে’লৰ জৰিয়তে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে অভিযান অধিক তীব্রতৰ কৰি তুলিছে। যোৱা ২০ আৰু ২১ মে, ২০২৩ তাৰিখে, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে আগৰতলা, চাপৰমুখ আৰু বদৰপুৰ ৰে’ল ষ্টেচন, ৰে’লত নিষিদ্ধ সামগ্ৰী কঢ়িয়াই নিয়াৰ বিৰুদ্ধে অভিযান চলাই প্ৰায় ৬.৯ লাখ টকাতকৈও অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিছে।

অভিযানৰ কালত ৰে’লৱে সুৰক্ষা বাহিনীয়ে প্ৰায় ৬৯ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰে যাৰ মূল্য প্ৰায় ৬.৯ লাখ টকা। এই সন্দৰ্ভত পাঁচজন সৰবৰাহকাৰীক আটক কৰা হয়। জব্দ কৰা সামগ্ৰীসমূহৰ সৈতে আটক কৰা সৰবৰাহকাৰী কেইজনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট অ’চি/জিআৰপি বা স্থানীয় আৰক্ষী থানাক গতাই দিয়া হয়। ২০ মে, ২০২৩ তাৰিখে বদৰপুৰৰ আৰপিএফৰ এটা দলে আগৰতলাৰ পৰা বদৰপুৰলৈ চলাচল কৰা ৰেল নং ১৫৬২৬ (আগৰতলা-দেওঘৰ এক্সপ্ৰেছ)ত এছকৰ্টিং ডিউটি কৰি থকা অৱস্থাত এটা গৰাকীবিহীন বেগ চিনাক্ত কৰে। বেগটো খোলাৰ পিছত, দলটোৱে ৮ পেকেট গাঞ্জা উদ্ধাৰ কৰি জব্দ কৰে।

গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ১.২৮ লাখ টকা আৰু ওজন আছিল প্ৰায় ১২.৮০ কিলোগ্ৰাম। পৰৱৰ্তী সময়ত জব্দ কৰা গাঞ্জাখিনি বদৰপুৰ ষ্টেশ্যনত নমাই অনা হয় আৰু বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে বদৰপুৰ জিআৰপিৰ হাতত গতাই দিয়া হয়। ২১ মে, ২০২৩ তাৰিখে আগৰতলাৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে আগৰতলা ৰেল ষ্টেশ্যনত এক গোপণ তথ্যৰ ভিত্তিত অভিযান চলায়। অভিযানৰ সময়ত, দলটোৱে পাঁচটা বেগৰ সৈতে কেইজনমান সন্দেহজনক লোকক চিনাক্ত কৰে। বেগসমূহ খোলাত প্ৰায় ৩৬ কিলোগ্ৰাম ওজনৰ গাঞ্জা উদ্ধাৰ কৰা হয় যাৰ বজাৰ মূল্য প্ৰায় ৩.৬০ লাখ টকা।

এই সন্দৰ্ভত পাঁচজন লোকক আটক কৰা হয়। পিছত উদ্ধাৰ কৰা গাঞ্জাসমূহৰ সৈতে আটক কৰা লোককেইজনক পৰৱৰ্তী বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে আগৰতলাৰ জিআৰপিৰ হাতত অৰ্পণ কৰা হয়। উল্লেখ্য যে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ড্ৰাগছ মুক্ত দেশৰ উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰে’ল ষ্টেশ্যন আৰু ৰে’লত নিষিদ্ধ সামগ্ৰীৰ চোৰাং ব্যৱসায় আৰু পৰিবহন সম্পৰ্কীয় কাৰ্যকলাপৰ প্ৰতি অবিৰত সতৰ্কতা অৱলম্বন কৰি আহিছে।