গুৱাহাটী : এজন উৎকোচ লৈ আৰু এজন চাহ-পানীৰ খৰচ বিচাৰি গ্ৰেপ্তাৰ। হোজাই ৰাজহ চক্ৰ কাৰ্যালয়ৰ চৰকাৰী লাট মণ্ডল উৎকোচ লৈ হাতে লোতে ধৰা পৰিল। ইফালে পুলিচ ৰিপ’ৰ্ট দিয়াৰ নামত চাহ-পানী খাবলৈ টকা বিচাৰি গ্ৰেপ্তাৰ হ’ল পাথাৰকান্দি আৰক্ষী চকীৰ আৰক্ষী উপ পৰিদৰ্শক।

দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰ কঠোৰ, কিন্তু চৰকাৰৰ দুৰ্নীতি বিৰোধী কঠোৰ স্থিতিক কেৰেপ নকৰে একাংশ দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীয়ে। দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীয়ে যি কোনো পৰিস্থিতিতে যেন দুৰ্নীতি চলাই যোৱাৰ পণ লৈছে। ইয়াৰে দুটাকৈ প্ৰমাণ দেখিবলৈ পোৱা গ’ল শুকুৰবাৰৰ দিনটোত।

প্ৰথমে হোজাইত তাৰ পিছত কৰিমগঞ্জত দেখিবলৈ পোৱা গ’ল দুৰ্নীতি চলাই নিয়াৰ পণ লোৱা দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। পিছে এতিয়া দুয়ো ৰঙাঘৰৰ আলহী। উৎকোচ লৈ হাতে লোতে ধৰা পৰিল হোজাই ৰাজহ চক্ৰ কাৰ্যালয়ৰ চৰকাৰী লাট মণ্ডল দেবানন্দ বৰা। দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লৈ থকা অৱস্থাত হাতে লোতে গ্ৰেপ্তাৰ কৰে দেবানন্দ বৰাক।

ইফালে আকৌ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি আৰক্ষী চকীৰ আৰক্ষী উপ পৰিদৰ্শকজনক পুলিচ ৰিপ’ৰ্ট দিয়াৰ নামত লাগে চাহ-পানীৰ খৰচ। থানাৰ ভিতৰতে পুলিচ ৰিপ’ৰ্টৰ বাবে চাহ-পানীৰ খৰচ বিচাৰি গ্ৰেপ্তাৰ হ’ল আৰক্ষী উপ পৰিদৰ্শক জিতেন্দ্ৰ সিং। পাঁচ হাজাৰ টকা চাহ-পানীৰ বাবে বিচাৰি থকা সকলো দৃশ্য অৱশ্যে আৱদ্ধ হয় গোপন কেমেৰাত।

গোপন কেমেৰাৰ দৃশ্য সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে কৰিমগঞ্জৰ উপ আৰক্ষী অধীক্ষক পংকজ যাদৱ উপস্থিত হয় পাথাৰকান্দি আৰক্ষী চকীত। উপ আৰক্ষী অধীক্ষক পংকজ যাদৱ তদন্ত কেমেৰাৰ দৃশ্যৰ সত্য প্ৰমাণিত হোৱাত উপ পৰিদৰ্শক জিতেন্দ্ৰ সিংক গ্ৰেপ্তাৰ কৰা হয়।