জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথ আৰক্ষীৰ গুলী চালনা। বিশ্বনাথ আৰক্ষীৰ গুলী লাগিল ড্ৰাগছ সৰবৰাহকাৰী ফকিৰ অলীৰ ভৰিত। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী ফকিৰ আলীৰ ভৰিত গুলী কৰে। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ফকিৰ আলীক।

পুনৰ অপৰাধীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চলনা। এইবাৰ বিশ্বনাথ আৰক্ষীয়ে অপৰাধীক লক্ষ্য কৰি গুলী চালনা কৰিছে। বিশ্বনাথ আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী ফকিৰ আলী। গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী ফকিৰ আলী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। নিশা ২.৩০ বজাত সংঘটিত হয় গুলী চালনাৰ এই ঘটনা।

বিশ্বনাথ আৰক্ষীয়ে শুকুৰবাৰে এক ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছিল দুজন ড্ৰাগছ সৰবৰাহকাৰীক। বিশ্বনাথ চাৰিআলিৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ পৰা আৰক্ষীয়ে শুকুৰবাৰে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছিল ইনামূল হক আৰু ফকিৰ আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুজনক।

নিশাৰ ভাগত বিশ্বনাথ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী ফকিৰ আলীক লগত লৈ বিশ্বনাথৰ বিভিন্ন অঞ্চলত ড্ৰাগছ বিৰোধী অভিযান চলায়। অভিযানকালত ফকিৰ আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰীজন আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে ফকিৰ আলীক লক্ষ্য কিৰ গুলী চলনা কৰে। আৰক্ষীৰ গুলী ফকিৰ আলীৰ ভৰিত লাগে।

গুলীবিদ্ধ ফকিৰ আলীক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। উল্লেখ্য যে শুকুৰবাৰে বিশ্বনাথ আৰক্ষীয়ে ইনামূল হক আৰু ফকিৰ আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুজনক বৃহৎ পৰিমাণৰ ড্ৰাগছ, নগদ ধন আৰু এখন চাৰিচকীয়া বাহনসহ গ্ৰেপ্তাৰ কৰিছিল। দলগাঁও আৰু বেচিমাৰীৰ ড্ৰাগছ সৰবৰাহকাৰী দুজন বিশ্বনাথৰ কোনো লোকক ড্ৰাগছখিনি দিবলৈ আহিছিল।