মঙলদৈ : মঙলদৈত অটো চালকৰ ঘৃণনীয় কাণ্ড। দুগৰাকী ছাত্ৰীক কাষত বহুৱাই অটোচালকৰ অশ্লীল ইংগিত। সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল কৰা মহলীয়াপাৰাৰ যুৱকসহ ছাত্ৰীক অশ্লীল ইংগিত দিয়া অটো চালক গ্ৰেপ্তাৰ।

কিছুদিন পূৰ্বে ডিব্ৰুগড়ত বেংকৰ ভিতৰত শাৰী পাতি থকা অৱস্থাত এগৰাকী মহিলাক এজন লম্পটে অসৎ ব্যৱহাৰ কৰা দৃশ্য ভাইৰেল হৈ পৰাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া। ইয়াৰ পিছতে আৰক্ষীয়ে শিৱসাগৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল লম্পটজনক।

ডিব্ৰুগড়ৰ এই জঘন্য ঘটনাৰ পুনৰাবৃত্তি ঘটিছে দৰং জিলাৰ মঙললৈ চহৰত। চলন্ত অটোত দুগৰাকী ছাত্ৰীক বহুৱাই অশ্লীল ইংগিত এজন অটো চালকৰ। ছাত্ৰীক অশ্লীল ইংগিত দি থকা সমগ্ৰ নিৰ্লজ্জকাণ্ড সামাজিক মাধ্যমত ভাইৰেল কৰিলে অন্য এজন যুৱকে।

ভিডিঅ’ ভাইৰেল কৰা ঋতুৰাজ ডেকা নামৰ দৰঙ জিলাৰ মহলীয়াপাৰাৰ যুৱকসহ মঙলদৈৰ মোল্লাপাৰা গাঁৱৰ অটো চালক মুকুল আলী ওৰৰে ক’লা গ্ৰেপ্তাৰ। উল্লেখ্য যে দুগৰাকী ছাত্ৰী মুকুল আলীৰ অটোত সন্মুখৰ ফালে বহি ঘৰলৈ গৈ থকা সময়ত মুকুল আলীয়ে ছাত্ৰী দুগৰাকীক অশ্লীল ইংগিত দিছিল।

অটো চালক মুকুল আলীয়ে সমুখৰ আসনত ছাত্ৰী দুগৰাকীক দুই বিপৰীত দিশত বহুৱাই বাটত অশ্লীল ইংগিত দিয়ে। এই দৃশ্য এগৰাকী ছাত্ৰীয়ে ভিডিঅ’ কৰি ঘনিষ্ঠ বন্ধু এজনক অটো চালকৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ আহ্বান জনায়। কিন্তু ঋতুৰাজ ডেকা নামৰ বন্ধুজনে ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰে।

দৰং আৰক্ষীৰ আইটি চে’লে বিষয়টো পৰীক্ষা কৰি তদন্ত চলায় আৰু প্ৰথমে ঋতুৰাজ ডেকা আৰু পিছত অটো চালক মুকুল আলীক গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি ছাত্ৰী দুগৰাকীৰ এজাহাৰৰ ভিত্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুয়োকে জেল হাজোতলৈ প্ৰেৰণৰ কৰিছে।