মানকাচৰ : দক্ষিণ ছালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে চলি আছে কাঠফলা মিল। অবৈধভাৱে চলি থকা এই কাঠফলা মিল সমূহৰ বিৰুদ্ধে দল-সংগঠনে অভিযোগ দিয়াৰ পিছত দুই-চাৰি দিনৰ বাবে এই কাঠফলা মিল সমূহ বন্ধ হৈ পৰে যদিও কিছুদিন পিছত পুনৰ এই কাঠফলা মিল সমূহ সক্ৰিয় হৈ পৰা পৰিলক্ষিত হয়।

জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ পূৰ্বাঞ্চলত এটা দুষ্ট চক্ৰই দীৰ্ঘদিনৰ পৰা কাঠফলা মিল অবৈধভাৱে চলাই অহাৰ লগতে কালাপানী এলেকাত থকা কালো নদীত অবৈধভাৱে বালি খনন কৰা কাৰ্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ফিৰোজ আল ফাৰুক খন্দকাৰে এক আছুতীয়া সাক্ষাতকাৰত অভিযোগ কৰে যে মানকাচৰৰ বন বিভাগৰ একাংশ কৰ্মকৰ্তা সকলে গোপন বুজাবুজিৰে এনে অবৈধ কাঠফলা মিল চলাবলৈ দিয়াৰ বাবে জিলাখনত অবৈধ কাঠফলা মিল বন্ধ হোৱা নাই।

ইফালে কালো নদীত বালি খনন কাৰ্যতো পৰোক্ষভাৱে বন বিভাগ জড়িত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। জিলাখনৰ বিভিন্ন ঠাইত বৰ্তমান প্ৰায় অৰ্ধশতাধিক অবৈধ কাঠফলা মিল গোপনে চলাই থকা বুলি আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য গৰাকীয়ে অভিযোগ তুলিছে। তেওঁ কয়, বন বিভাগক কাঠফলা মিল চলাই থকাৰ অভিযোগ দিলে দুই-চাৰিদিনৰ বাবে কাঠফলা কলৰ যন্ত্ৰপাতি, মেচিন আদি খুলি থয় যদিও পুনৰ সপ্তাহ-দহ দিনৰ পিছত অবৈধ কাঠফলা মিল সমূহত কাম আৰম্ভ কৰা হয়। এই অবৈধ কাঠফলা মিল সমূহৰ বাবে মানকাচৰৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বন সম্পূৰ্ণৰূপে ধংস হৈ পৰিছে।

এই ক্ষেত্ৰত বন বিভাগ তথা জিলা প্ৰশাসনে ৰহস্যজনকভাৱে বিষয়টোৰ প্ৰতি গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপন হৈছে।একেদৰে কালাপানী এলেকাত থকা একমাত্ৰ কালো নদীৰ দুয়োপাৰে বাংলাদেশৰ পৰা অনা শ্যেলো মেচিনৰ দ্বাৰা অবৈধভাৱে বালি খনন কৰা হয় বুলি আছুয়ে অভিযোগ তুলিছে। ফলত কালো নদীৰ দুয়ো পাৰে গৰাখহনীয়াৰ সৃষ্টি হৈ কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ নদীয়ে জাহ যোৱাত অঞ্চলটোত হাহাকাৰৰ সৃষ্টি হৈছে।

কালাপানী এলেকাৰ কালো নদীৰ দুয়ো পাৰে থকা একাংশ লোকে কালো নদীৰ মাজত খনন কাৰ্য কৰি নদীৰ পাৰত বালি জমা কৰি অবৈধভাৱে বিক্ৰী কৰা হয়। জিলাখনত এনে অবৈধ কাঠফলা মিল আৰু অবৈধ বালি খনন কৰাৰ ফলত প্ৰতিদিনে চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।জিলাখনত অবৈধ কাঠফলা মিল আৰু অবৈধ বালি খনন বন্ধ কৰাৰ লগতে কাঠৰ ব্যৱসায়ী তথা কাঠফলা মিলৰ মালিকক অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্য নিৰ্বাহক সদস্য ফিৰোজ আল ফাৰুকে।

কাঠফলা মিলৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিলে প্ৰতিদিনে জিলাখনৰ পৰা চৰকাৰে বৃহৎ পৰিমাণৰ কৰ সংগ্ৰহ কৰিব পাৰিব বুলিও কয় সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্য নিৰ্বাহক সদস্য ফিৰোজ আল ফাৰুকে। আছুৰ এই দাবীৰ প্ৰতি চৰকাৰ, জিলা প্ৰশাসন তথা বন বিভাগে কিমান গুৰুত্ব প্ৰদান কৰে এইয়া পৰৱৰ্তী সময়তে দেখিবলৈ পোৱা যাব।