ধুবুৰী, ২২ জুলাই, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দুজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল চৰকাৰী কৰ্মচাৰী দুজন (Government Employee Attested)। ৩০ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে ধুবুৰী জিলা পৰিষদৰ দুজন চৰকাৰী কৰ্মচাৰী।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। পুনৰ দুজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে দুৰ্নীতি নিবাৰক শাখাই। ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু জিলা প্ৰকল্প সমন্বয়ক উৎকোচ লৈ ধৰা পৰিছে।

উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে ধুবুৰী জিলা প্ৰকল্প সমন্বয়ক মৃণাল কান্তি সৰকাৰ। ৩০ হাজাৰ টকাৰ উৎকোচ লৈ থাকোতে ধৰা পৰে মৃণাল কান্তি সৰকাৰ। উন্নয়নমূলক কামৰ ধন মোকলাই দিয়াৰ নামত ৩০ হাজাৰ টকা উৎকোচ দাবী কৰিছিল ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীয়ে। মৃণাল কান্তি সৰকাৰে উৎকোচৰ টকা লৈ থকা অৱস্থাত ধৰা পৰে।

দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে জিলা প্ৰকল্প সমন্বয়ক মৃণাল কান্তি সৰকাৰ আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীক আটক কৰি জেৰাৰ অন্তত বিশ্বজিৎ গোস্বামীৰ বাসগৃহত অভিযান চলাই ১.৭৯ লাখ টকা জব্দ কৰাৰ লগতে বিশ্বজিৎ গোস্বামীৰ বঙাইগাঁওস্থিত ঘৰৰ পৰা ২ কোটি ৩১ লাখ টকা জব্দ কৰে। উল্লেখ্য যে বিশ্বজিৎ গোস্বামীৰ বিৰুদ্ধে পূৰ্বৰ পৰাই বহু অভিযোগ আছে। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী দুজনক গুৱাহাটীলৈ আনে।

জানিব পৰা মতে বিশ্বজিৎ গোস্বামীয়ে প্ৰতিটো উন্নয়নমূলক কামৰ ধন মোকলাই দিয়াৰ বিনিময়ত ৯ শতাংশ কমিচন দাবী কৰে। এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৫৩/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে। উল্লেখ্য যে বিগত সময়ছোৱাত উৎকোচ দাবী কৰি বহুকেইজন চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে।